Thursday, September 24, 2026
HomeঅসমATCLৰ বাগিচাৰ কৰ্মচাৰীক ২০ শতাংশ বানচ

ATCLৰ বাগিচাৰ কৰ্মচাৰীক ২০ শতাংশ বানচ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বৃহস্পতিবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত সংবাদমেলযোগে সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিল আৰু ফিচাৰীৰ বাবে ৭৯৬ কোটি টকাৰ ঋণ

বিল আৰু ফিচাৰীৰ উন্নয়নৰ বাবে ৭৯৬ কোটি টকাৰ ঋণ লোৱাৰ বাবে কেবিনেটে অনুমোদন জনায়। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা এই ঋণ লোৱা হ’ব। ইয়াৰে ৬৩৭ কোটি টকা কেন্দ্ৰীয় চৰকাৰে পৰিশোধ কৰিব আৰু ১৫৯ কোটি টকা অসম চৰকাৰে বহন কৰিব।
কৃষকৰ বাবে ৫ শতাংশ ৰাজসাহায্য

কৃষকসকলৰ ব্যক্তিগত ঋণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৫ শতাংশ ৰাজসাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ফলত কৃষকে নিজৰ অংশ হিচাপে ৫ শতাংশ পৰিশোধ কৰিব লাগিব। ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীসমূহে ১০ শতাংশ ৰাজসাহায্য লাভ কৰিব। কৃষি আন্তঃগাঁথনিৰ বাবে বিনামূলীয়া আগধনৰ সুবিধাৰে ঋণ লাভৰ ব্যৱস্থাও কৰা হ’ব।
শিক্ষক বদলিকৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰাজ্যত পৰ্যাপ্ত শিক্ষক আছে, কিন্তু বদলিকৰণৰ বাবে বহু বিদ্যালয়ত শিক্ষকৰ অভাৱ হৈছে। সেয়ে একক বদলিকৰণৰ সলনি এতিয়া হ’ব ৰিপ্লেচমেণ্ট ট্ৰেন্সফাৰ। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কৰে এই ঘোষণা।
অক্টোবৰত ১০০ টকাতে ৰাজসাহায্যযুক্ত দাইল-চেনি

অক্টোবৰৰ পৰা ৰাজসাহায্যযুক্ত দাইল-চেনিৰ দাম ১০০ টকা কৰা হৈছে। পূৰ্বে অক্টোবৰৰ পৰা ১০৫ টকা দাম নিৰ্ধাৰণৰ সিদ্ধান্ত লোৱা হৈছিল। চেনিৰ দাম হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। পেকেটত ১০৫ টকা দাম উল্লেখ থাকিলেও হিতাধিকাৰীৰ পৰা ১০০ টকাহে লোৱা হ’ব।
১৬৬গৰাকী কৰ্মচাৰীক পে-স্কেল

কেবিনেটে ১৬৬গৰাকী কৰ্মচাৰীক চৰকাৰী পে-স্কেল প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কৰ্মচাৰীসকলে পূৰ্বে চৰকাৰী পে-স্কেলৰ সুবিধা লাভ কৰা নাছিল।
আত্মসহায়ক গোটৰ মহিলাৰ আধাৰ কাৰ্ডৰ সময়সীমা

আত্মসহায়ক গোটৰ মহিলাসকলৰ ক্ষেত্ৰতো কেবিনেটে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। আধাৰ কাৰ্ড নথকা হিতাধিকাৰীসকলে অহা ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড প্ৰস্তুত কৰিব লাগিব।
পাথাৰকান্দিৰ প্ৰতাপগড়ত কৃষি মহাবিদ্যালয়

শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ প্ৰতাপগড়ত কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে ২৫৬ বিঘা মাটি অনুমোদন কৰিছে কেবিনেটে।
দুৰ্গা পূজাত অৰুণোদয় হিতাধিকাৰীয়ে পাব ১,৫০০ টকা

দুৰ্গা পূজাৰ উপলক্ষে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ১,৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অক্টোবৰত এই ধন হিতাধিকাৰীসকলে লাভ কৰিব।
ATCLৰ বাগিচাৰ কৰ্মচাৰীক ২০ শতাংশ বানচ

দুৰ্গা পূজাৰ বানচ হিচাপে Assam Tea Corporation Limited (ATCL)-ৰ বাগিচাৰ কৰ্মচাৰীসকলক ২০ শতাংশ বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন ২৫৯খন বাগিচাৰ কৰ্তৃপক্ষৰ সৈতেও এই বিষয়ত আলোচনা চলি থকা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
১৭ অক্টোবৰত অতিৰিক্ত চৰকাৰী বন্ধ

দুৰ্গা পূজাৰ উপলক্ষে ১৭ অক্টোবৰত অতিৰিক্ত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। দেওবাৰ পৰাৰ বাবে পূজাৰ বন্ধ চাৰিদিনলৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত এদিনৰ বন্ধ ঘোষণা কৰা হৈছে। ইয়াৰ ফলত পূজাৰ বন্ধ পাঁচদিনলৈ বৃদ্ধি পাব।
উলুবাৰীত স্পাইচ ব’ৰ্ডৰ লেবৰেটৰী

গুৱাহাটীৰ উলুবাৰীত স্পাইচ ব’ৰ্ডৰ লেবৰেটৰী স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। ইয়াৰ ফলত মছলাৰ মান পৰীক্ষা অসমতে কৰিব পৰা যাব।
JK Lakshmi Cement-ৰ ১১ হাজাৰ কোটি টকাৰ বিনিয়োগ

JK Lakshmi Cement-এ অসমত প্ৰায় ১১ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি কেবিনেটত জানিবলৈ দিয়া হয়। উমৰাংছ’ত মূল চিমেণ্ট কাৰখানা স্থাপন কৰাৰ লগতে ৰাজ্যৰ আন স্থানত চাৰিটা সৰু কাৰখানা স্থাপনৰ পৰিকল্পনা কৰা হৈছে।
নিৰ্বাচন আয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

নিৰ্বাচন আয়োগৰ সৈতে জড়িত শেহতীয়া বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আলোচনাৰ সময়ত বিভিন্ন মত থাকিব পাৰে আৰু শেষত আলোচনাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিৰ্বাচন আয়োগৰ বাতৰিক লৈ ‘চেনচেচন ক্ৰিয়েট’ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
নৱেম্বৰৰ ভিতৰত মিচিং আৰু সোণোৱাল কছাৰী পৰিষদৰ নিৰ্বাচন

মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দুয়োটা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ কৰা নহ’ব।
সকলো চৰকাৰী কাম-কাজ ‘ই-অফিচ’ৰ জৰিয়তে

প্ৰশাসনিক কাম-কাজ অধিক দ্ৰুত আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে ‘ই-অফিচ’ ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। সকলো বিভাগৰ কাম-কাজৰ বাবে একেটা ছফটৱেৰ ব্যৱহাৰ কৰা হ’ব। ইয়াৰ জৰিয়তে চৰকাৰী ফাইলৰ কাম-কাজ অনলাইনযোগে সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হ’ব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments