Wednesday, September 23, 2026
Homeঅসম২০২৭ চনৰ গুণোৎসৱৰ দিন সলনি

২০২৭ চনৰ গুণোৎসৱৰ দিন সলনি

ৰাজ্যৰ বিদ্যালয়সমূহৰ গুণগত মান নিৰূপণ আৰু শিক্ষাৰ্থীৰ শৈক্ষিক অগ্ৰগতি মূল্যায়নৰ বাবে অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ ২০২৭ৰ দিন সলনি কৰা হৈছে। সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে। নতুন নিৰ্দেশনা অনুসৰি, ২০২৭ চনৰ ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব গুণোৎসৱৰ প্ৰথম পৰ্যায়। জিলাভিত্তিকভাৱে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই গুণোৎসৱত ৰাজ্যৰ মুঠ ৩৫খন জিলা সামৰি লোৱা হ’ব। নতুন সময়সূচী অনুসৰি, প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে ২৫ জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। আনহাতে, ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গুণোৎসৱ ২০২৭ৰ তিনিটা পৰ্যায়ৰ বাবে ক্ৰমে ৬ জানুৱাৰী, ১৯ জানুৱাৰী আৰু ২ ফেব্ৰুৱাৰী তাৰিখ ধাৰ্য কৰা হৈছিল। অৰ্থাৎ ৬ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়, ১৯ জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায় আৰু ২ ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায় অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু নতুন নিৰ্দেশনা অনুসৰি প্ৰথম পৰ্যায়ৰ তাৰিখ ৬ জানুৱাৰীৰ পৰিৱৰ্তে ১৯ জানুৱাৰী কৰা হৈছে। ইয়াৰ ফলত পূৰ্বৰ সময়সূচীৰ তুলনাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ১৩ দিন পিছুৱাই দিয়া হৈছে। একে সময়তে দ্বিতীয় পৰ্যায়ৰ তাৰিখো ১৯ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ সলনি কৰা হৈছে। তৃতীয় পৰ্যায়ৰ তাৰিখ ২ ফেব্ৰুৱাৰী অপৰিৱৰ্তিত ৰখা হৈছে।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ
নতুন সূচী অনুসৰি—
প্ৰথম পৰ্যায়: ১৯ জানুৱাৰী, ২০২৭
দ্বিতীয় পৰ্যায়: ২৫ জানুৱাৰী, ২০২৭
তৃতীয় পৰ্যায়: ২ ফেব্ৰুৱাৰী, ২০২৭

জিলাভিত্তিকভাৱে এই তিনিটা পৰ্যায়ত ৰাজ্যৰ ৩৫খন জিলাৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰদৰ্শন, আন্তঃগাঁথনি, শিক্ষণ-শিকন প্ৰক্ৰিয়া আৰু অন্যান্য আনুষংগিক দিশ মূল্যায়ন কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments