তফিকুৰ ৰহমান, সৰ্থেবাৰী, ২৩ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ ঐতিহাসিক চেঙা গাঁৱৰ অৱসৰী অধ্যক্ষ মহেন্দ্ৰ মোহন ডেকাৰ যোৱা নিশা প্ৰায় ১০:৩০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ । উল্লেখ্য যে, মহেন্দ্ৰ মোহন ডেকাই কটন কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি ডেকাই বি এড ডিগ্ৰী গ্ৰহণ কৰি স্থানীয় চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালত ইংৰাজী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে অধ্যক্ষৰ পদ গ্ৰহণ কৰিছিল।
২০০০ চনত ডেকাই চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে । বৃহত্তৰ অঞ্চলটোত ইংৰাজী বিষয়ৰ বিদগ্ধ পণ্ডিত হিচাপে পৰিচিত ডেকা আছিল এগৰাকী সাংস্কৃতিক কৰ্মী তথা ক্ৰীড়ানুৰাগী ব্যক্তি। বিদ্যালয়সপ্তাহত নিজে পূৰ্ণাংগ নাটকত সু-অভিনয় কৰি দৰ্শকক আপ্লুত কৰা ডেকাই লোকগীত, আধুনিক গীত, জিকিৰ আদিৰ লগতে অসমীয়া আৰু ইংৰাজী কবিতা আবৃত্তিৰ নিখুঁতভাৱে তদাৰক কৰি তেওঁৰ সাংস্কৃতিক দক্ষতাৰ পৰিচয় দিছিল। ডেকা আছিল এগৰাকী সুবক্তাও। তেওঁ বিভিন্ন সময়ত দাঁতিকাষৰীয়া বহু ধৰ্মীয় তথা সামাজিক অনুষ্ঠানত সমাজনীতি, ৰাজনীতিৰ লগতে গীতা-ভাগৱতৰ ওপৰতো গভীৰ ব্যাখ্যাৰে শ্ৰোতাক পুলকিত কৰিবলৈ সক্ষম হৈছিল।
নিয়মানুৱৰ্তিতাকে ছাত্ৰজীৱনৰ আধাৰ হিচাপে ল’বলৈ সততে শিকাৰু সমাজক সকিয়াই দিয়া ডেকাৰ মৃত্যুত স্বাভাৱিকতে চেঙা অঞ্চলৰ বৌদ্ধিক তথা সমাজজীৱনত গভীৰ শোকৰ ছাঁ পৰিছে। চেঙা গাঁৱৰ বৌদ্ধিক মহীৰূহস্বৰূপ ডেকাৰ মৃত্যুৰ বতৰা পাই চেঙা ঐক্য সন্মিলন আৰু চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে প্ৰয়াত ডেকাৰ বাসগৃত উপস্থিত হৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি দুপৰীয়াৰ ভাগত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত মহেন্দ্ৰ মোহন ডেকাৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত ডেকাই পত্নীৰ লগতে উচ্চ শিক্ষিত দুই পুত্ৰ , বোৱাৰী আৰু নাতিক ইহসংসাৰত এৰি থৈ যায়।
ডেকাৰ মৃত্যুত চেঙা ঐক্য সন্মিলনৰ সভাপতি অজিত চন্দ্ৰ দাস, চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সম্পাদক চিন্ময় ডেকা, অসম উন্নতি সভাৰ ৰাজ্যিক সম্পাদক খনিন পাঠক, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰ্মেশ্বৰ ঠাকুৰীয়া, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ জামান, পূব বৰপেটা সাংবাদিক সন্থাৰ সভাপতি তফিকুৰ ৰহমান, বিৰিণা গোষ্ঠী,অসমৰ সভাপতি-সম্পাদক ক্ৰমে জিয়াউৰ ৰহমান আৰু বনজিৎ বৈশ্য, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি মৌচম আহমেদৰ লগতে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
