Tuesday, July 8, 2025
Homeমনোৰঞ্জনপ্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কংগনা ৰানাৱতৰ

প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কংগনা ৰানাৱতৰ

ডিজিটেল ডেস্ক,১৯ ছেপ্তেম্বৰ: বলিউড অভিনেত্ৰী কংগনা ৰানাৱতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাই উপচাই পেলোৱা দেখিবলৈ পোৱা যায় ।বলীউড অভিনেত্ৰী কংগনা ৰানাৱটে আমন্ত্ ৰক্ষা কৰি নৱ উদ্বোধন হোৱা সংসদ ভৱনত উপস্থিত হোৱা দেখা যায় য’ত তেওঁ এগৰাকী বিশিষ্ট মহিলা আমন্ত্ৰিত অতিথি হিচাপে এক অধিৱেশনত অংশগ্ৰহণ কৰে ।

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীসভাই মহিলা সংৰক্ষণ বিধেয়কক সেউজ সংকেত দিয়াৰ ঐতিহাসিক সিদ্ধান্ত লয় । যিখন আইন প্ৰণয়ন কৰি সংস্থাসমূহত মহিলাসকলৰ বাবে সংৰক্ষিত আসন নিশ্চিত কৰাৰ লক্ষ্যৰে এক উল্লেখযোগ্য আইন হিচাপে গৃহীত কৰে।

কেবিনেটে বিধেয়কখন নিষ্পত্তি কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে কংগনাই ইনষ্টাগ্ৰামত এই উল্লেখযোগ্য পদক্ষেপক শলাগ লয়। ভাৰতৰ ৰাজনৈতিক পৰিৱেশত মহিলাৰ প্ৰতিনিধিত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ইয়াক ‘নতুন যুগৰ ভোৰ’ বুলি প্ৰশংসা কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments