Monday, July 7, 2025
Homeঅসমছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠৰ শুনানীত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠৰ শুনানীত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

ডিজিটেল ডেস্ক, ২০ডিচেম্বৰ: আজি ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানী আৰম্ভ কৰিয়েই মুখ্য ন্যায়াধীশয়ে ৪ টা নিৰ্দেশনা জাৰী কৰে বুলি মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে(Assam Sanmilita Mahasangha) সংবাদ প্ৰতিষ্ঠানক কয় । সকলো বাদী-বিবাদী পক্ষকে নিজৰ নিজৰ ফালৰ পৰা গোচৰ সম্পৰ্কে তথ্য পাতি সমূহ ৩ অক্টোবৰৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়ে ।

লগতে সকলো পক্ষকে ১০ অক্টোবৰৰ ভিতৰত গোচৰ সম্পৰ্কে লিখিত দলিল জমা দিবলৈকো নিৰ্দেশ দিয়ে । এই তথ্য পাতি সমূহ গ্ৰহণ কৰিবলৈ দুগৰাকী নডেল বিষয়া নিযুক্তি দিয়ে। এটৰ্ণী জেনেৰেল আৰ ভেঙ্কটৰমণীৰ কনিষ্ঠ অধিবক্তা দীক্ষা ৰয় আৰু অসম সন্মিলিত মহাসংঘৰ অধিবক্তা মনীষ গোস্বামীক নডেল বিষয়া নিযুক্তি দিয়ে । এই নডেল বিষয়া দুগৰাকীয়ে সকলো তথ্য -পাতিৰ সংযুক্ত প্ৰতিবেদন যুগত কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ হাতত দাখিল কৰিব ।

১৭, ১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া শুনানী হোৱাৰ পিছত ছুপ্ৰিম কৰ্ট বন্ধ থাকিব সেয়ে ৩১ অক্টোবৰৰ পৰাহে নিৰৱিচ্ছিন্ন শুনানী অনুষ্ঠিত হ’ব ।

আজিৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত আন বিচাৰক ন্যায়াধীশ সকল হ’ল -ন্যায়াধীশ এ এছ বোপান্না, এম এম সুন্দৰেছ, জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰ । আজিৰ শুনানীত মহাসংঘৰ পক্ষৰ হৈ অধিবক্তা কমল নয়ণ চৌধুৰী, বিশিষ্ট অধিবক্তা শ্যাম দিৱান, অধিবক্তা সমীৰণ শৰ্মা আদি উপস্থিত আছিল । ৪ টা গোচৰৰ পৰিচালক তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাও ছুপ্ৰিম কৰ্টত উপস্থিত আছিল ।

মহাসংঘৰ ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬ নং ৪টা গোচৰৰ ৰায় দানে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত নিৰ্ণয় কৰিব বুলি মতিউৰ ৰহমানে কয় । বিচাৰ কিছু দীঘলীয়া হ’ব বুলি উল্লেখ কৰি উল্লিখিত সমস্যাবোৰ সমাধানৰ হেতু এটা সংবিধান সন্মত ন্যায়িক ব্যৱস্থা হলে এই বিষয়ত বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক সংগঠনে কৰি থকা লেতেৰা ৰাজনীতিৰ ওৰ পৰিব বুলিও মতিউৰ ৰহমানে দৃঢ়তাৰে কয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments