Friday, November 8, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল –

আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, যত সম্ভাৱনা দেখা যায় আৰু যত প্ৰাধান্য আছে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব। বিনাকাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব ,এইটোয়ে আপোনাৰ বাবে ভাল হ’ব।

 

বৃষ ৰাশি ফলাফল –

অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যায় নকৰিব। মনত ৰাখিব যে বাদ-বিবাদৰ ফলত আপুনি একোলাভ কৰিব নোৱাৰে,কিন্তু লোকচান নিশ্চয় হব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ আৰু চাতুৰীৰে ভৰা আৰ্থিক যোজনাৰ পৰা দূৰত থাকক। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল’ব ,হ’ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। সময়তকৈ অধিক একো হব নোৱাৰে । সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰে কিন্তু বহুত সময়ত জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। বৈবাহিক জীৱনৰ উজ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্ব পূৰ্ণ স্তৰ ।ঘৰৰ বয়-বস্তুবোৰ সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসন আৰম্ভ কৰিব পাৰি।

 

মিথুন ৰাশি ফলাফল –

আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱন সংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।যিকোনো এনেকুৱা কাম কৰাৰ আগত ইয়াৰ পৰিণাম আগতে ভাৱি লোৱা উচিত,যদি সম্ভৱ হয় তেতে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক’ৰবাত বেলেগ ঠাইত যাওক। আজি আপুনি মাটি ,ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনা সমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে।

 

কৰ্কট ৰাশি ফলাফল –

আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰকৰিবলৈ উপদেশ দিব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব। দিনযোৰা অন্য লোকৰ লগত সময় অতিবাহিত কৰাৰ পিছত বাকী সময়খিনি জীৱনসংগীক দিব পাৰিব।

 

সিংহ ৰাশি ফলাফল –

ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকা বাবে আপুনি ভাল অনুভৱ নকৰিব। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হব পাৰে ,যি আপোনাক আহত কৰিব পাৰে। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে।

 

কন্যা ৰাশি ফলাফল –

নিজৰ বিচাৰ সমূহক ধনাত্মক ভাৱে ৰাখক ,কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে,নহ’লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। পৰিয়ালৰ লগত সময় অতিবাহিত কৰি আপোনালোকৰ সম্বন্ধক নতুন জীৱন প্ৰদান কৰিব। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক। সেইবোৰ লোকৰ কথালৈ মন বেয়া নকৰিব যাৰ কোনো গুৰুত্ব আপোনাৰ জীৱনত নাই।

 

তুলা ৰাশি ফলাফল –

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। ঘৰুৱা কাম-কাজত আপুনি অধিক ব্যস্ত থাকিব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ’ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। আপোনাৰ ব্যযস্ত দিনযোৰাৰ বাবে আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে আৰু তেখেত এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। এই সপ্তাহত আপুনি বহুত কিবাকিবি কৰিব বিচাৰিব পাৰে ,কিন্তু যদি আপুনি কাম বোৰ পেলাই থয় তেন্তে নিজকে বেয়া লাগিবলৈ আৰম্ভ কৰিব।

 

বৃশ্চিক ৰাশি ফলাফল –

আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। লোকৰ পৰা দুৰত থকাটো কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দুৰত্ব নাৰাখিব।

 

ধনু ৰাশি ফলাফল –

আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।তেনেহ’লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে, অৱশ্যে আপুনি মদ,চিগাৰেট এইবোৰৰ পৰা দুৰত থকাটোয়ে ভাল হ’ব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। যদি আপোনাৰ মাত সুৱলা হয় তেনেতে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰিব পাৰিব।

 

মকৰ ৰাশি ফলাফল –

ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য আপোনাক চিন্তাত পেলাব পাৰে।। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। নিঃসংগতা কেতিয়াবা বহুত জটিল হব পাৰে ,বিশেষকৈ তেতিয়া যেতিয়া আপোনাৰ তাত কৰিবলৈ একো গুৰুত্বপূৰ্ণ কাম নাথাকে । ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক আৰু বন্ধু সকলৰ লগত সময় অতিবাহিত কৰক।

 

কুম্ভ ৰাশি ফলাফল –

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব। আজি ঘৰত থাকিব কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে।

 

মীন ৰাশি ফলাফল –

আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments