Thursday, November 7, 2024
Homeঅসমকৰ্মত গাফিলতি কৰাৰ জলসম্পদ বিভাগৰ ৬ জন বিষয়া কৰ্মচাৰীক নিলম্বন

কৰ্মত গাফিলতি কৰাৰ জলসম্পদ বিভাগৰ ৬ জন বিষয়া কৰ্মচাৰীক নিলম্বন

ডিজিটেল ডেস্ক ANEWS24X7: কৰ্মত গাফিলতি কৰাৰ বাবে নিলম্বন কৰা হৈছে জলসম্পদ বিভাগৰ ৬ জন বিষয়াক ৷ ডিমৌৰ লাইবিলত মথাউৰি মেৰামতিৰ কামত বালিৰ বেগৰ ভিতৰত খালী বেগ ভৰোৱাৰ অভযোগ উত্থান হৈছিল সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তাকে ধৰি মুঠ ৬ জনৰ বিৰুদ্ধে ৷

অভিযোগ উত্থাপন হোৱাৰ পিছত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষী সকলৰ বিৰুদ্ধে উচ্চিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ৷

ইয়াৰ পিছতে ডিমৌ জলসম্পদ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোহাই , শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা তৰুণ সোণোৱাল , শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ উপ অভিযন্তা থানুৰাম বৰগোহাঁই, শাখা সহায়ক ধ্ৰুবজ্যোতি চেতিয়া, খালাচীদ্বয় ক্ৰমে অতুল গগৈ আৰু মানিক কোঁৱৰে কৰ্মত গাফিলতি কৰাৰ বাবে তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments