Wednesday, July 9, 2025
Homeউত্তৰ-পূৱৰাজ্যিক বিজেপিৰ নতুন মুৰব্বী নিযুক্তি ৰিকমান মমিনক

ৰাজ্যিক বিজেপিৰ নতুন মুৰব্বী নিযুক্তি ৰিকমান মমিনক

ডিজিটেল ডেস্ক,২৫ ছেপ্তেম্বৰ: কেন্দ্ৰীয় বিজেপিয়ে সোমবাৰে ৰিকমান মমিনক, মেঘালয়ৰ কেশৰ দলৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে।ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা গাৰো পাহাৰৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা আছিল মমিন।তেওঁ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আৰ্নেষ্ট মাউৰীৰ পিচতে তেকেতক নিযুক্তি দিয়ে ।

সেইদিনা কেন্দ্ৰীয় নেতৃত্বই নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা এলংগৰ ঠাইত বেঞ্জামিন য়েপথোমীক সলনি কৰে।হঠাতে এই নিৰ্দেশ আহিল আৰু য়েপথোমিক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দায়িত্ব ল’বলৈ কোৱা হৈছে।কিন্তু এই প্ৰতিবেদন দাখিল নোহোৱালৈকে দুয়োৰে কোনো মন্তব্য কৰা হোৱা নাছিল।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ এক নিৰ্দেশত কোৱা হৈছে যে কেন্দ্ৰীয় নেতৃত্বই বেঞ্জামিন য়েপথোমীক নাগালেণ্ড বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে।

ইতিমধ্যে বেঞ্জামিন য়েপথোমীয়ে নাগালেণ্ড ৰাজ্যিক বিজেপিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিজেৱাইএম নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যিক সভাপতিও আছিল। তেওঁ একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাজ্যৰ বিজেৱাইএমৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০২০ চনৰ ১৫ জানুৱাৰীৰ পৰা নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে কৰ্মৰত আলঙৰ ঠাইত এই নিৰ্দেশ।টেমজেন ইমনা আলং ২০১৮ চনৰ পৰা বিধানসভাৰ আলংটাকি সমষ্টিৰ সদস্য হিচাপেও কাম কৰি আহিছে আৰু নেইফিউ ৰিঅ’ কেবিনেটৰ মন্ত্ৰীও।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments