ডিজিটেল ডেস্ক, ৫ অক্টোবৰ: বিশ্বকাপ ক্ৰিকেটৰ প্ৰাক মুহু্ৰ্ত্কত ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱনৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ । ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱনক তেওঁৰ বিচ্ছিন্ন পত্নী ঈশা মুখাৰ্জীৰ মানসিক নিষ্ঠুৰতাৰ উদাহৰণ দি দিল্লীৰ আদালতে বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে ।
ন্যায়াধীশে ধৱনৰ অভিযোগ গ্ৰাহ্য কৰি অনুমতি প্ৰদান কৰা পিছতে কোনো প্ৰতিদ্বন্দ্বিতাৰ মুখিমুখি হব নোৱাৰিলে পত্নী ঈশা মুখাৰ্জীয়ে ।মুখাৰ্জীৰ বিৰুদ্ধে থকা অভিযোগ অনুসৰি ধৱনক তেওঁলোকৰ পুত্ৰৰ পৰা দীৰ্ঘ সময়ৰ বাবে বিচ্ছিন্ন কৰি ৰাখিছিল।
আদালতে অৱশ্যে স্থায়ী জিম্মা নিৰ্ধাৰণ কৰা নাছিল যদিও ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োখন দেশতে ধাৱনক ভ্ৰমণৰ অধিকাৰৰ অনুমতি দিছিল ।ন্যায়াধীশে স্কুলৰ ছুটীৰ পিছত শিশুটিক ভাৰতলৈ অনাৰ নিৰ্দেশ দিয়া হৈছিল মুখাৰ্জীক ।বিবাহ বিচ্ছেদত সম্পত্তিৰ মালিকীস্বত্বৰ বিবাদৰ কথাও উল্লেখ কৰা হৈছিল, যাৰ প্ৰতিদ্বন্দ্বিতা ঈশা মুখাৰ্জীয়ে কৰা নাই ।