কমনৱেলথ গেমছৰ পডিয়ামত আকৌ এবাৰ স্বৰ্ণ জিনিলে ভাৰোত্তোলক মীৰাবাঈ চানুৱে।ভাৰোত্তোলনৰ ৪৮ কেজি শাখাত দেশৰ হৈ মণিপুৰৰ গৌৰৱ, পদ্মশ্ৰী চাইখম মীৰাবাঈ চানুয়ে স্বৰ্ণপদক অৰ্জন কৰাৰ সমান্তৰালকৈ মণিপুৰৰ আন এজন যুৱ প্ৰতিভা চানামবাম ঋষিকান্ত সিঙে ৬০ কেজি শাখাত ৰূপৰ পদক লাভ কৰে। এই সাফল্যৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমাচন্দ সিঙে দুয়োগৰাকী খেলুৱৈলৈ ভূয়সী প্ৰশংসা আৰু অভিনন্দন জ্ঞাপন কৰিছে।
ভাৰতীয় ক্ৰীড়া জগতত যিসকল খেলুৱৈয়ে নিজৰ কঠোৰ পৰিশ্রম, আত্মত্যাগ আৰু অদম্য মানসিকতাৰে দেশৰ নাম বিশ্বৰ দৰবাৰত উজলাই তুলিছে, তেওঁলোকৰ ভিতৰত চাইখম মীৰাবাঈ চানু অন্যতম। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত নিজৰ ধাৰাবাহিক প্ৰদৰ্শন অব্যাহত ৰাখি মীৰাবাঈ চানুৱে কমনৱেলথ্ গেমছত ক্ৰমাগত তৃতীয়টো স্ৱৰ্ণ পদক নিজৰ নামত অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। মহিলাৰ ৪৮ কিলোগ্ৰাম ওজন শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ মুঠ ১৯০ কিলোগ্ৰাম ওজন (স্নেটছত ৮৫ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১০৫ কিলোগ্ৰাম) উত্তোলন কৰে। এই প্ৰদৰ্শনেৰে তেওঁ এক নতুন কমনৱেলথ্ গেমছ ৰেকৰ্ডো সৃষ্টি কৰে। কমনৱেলথ্ গেমছৰ মঞ্চত এয়া তেওঁৰ চতুৰ্থটো পদক।
মীৰাবাঈ চানুৰ লগতে ভাৰোত্তোলনত উজলিল মণিপুৰৰ চানামবাম ঋষিকান্ত সিং। পুৰুষৰ ৬০ কিলোগ্ৰাম ওজন শ্ৰেণীত নিজৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি তেওঁ ৰূপৰ পদক (Silver Medal) দখল কৰে। প্ৰতিযোগিতাত সৰ্বমুঠ ২৬৪ কিলোগ্ৰাম ওজন তুলি তেওঁ এই সফলতা অর্জন কৰাৰ লগতে স্নাচ শাখাত ১২১ কিলোগ্ৰাম ওজন তুলি এক নতুন কমনৱেলথ্ গেমছ ৰেকৰ্ডো স্থাপন কৰে।খেলুৱৈ দুগৰাকীৰ এই সাফল্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰশংসা কৰিছে। মীৰাবাঈ চানুৰ ধাৰাবাহিক প্ৰদৰ্শনক প্ৰশংসা কৰি তেওঁ কয় যে দেশৰ বাবে ক্ৰমাগত সোণৰ পদক জয় কৰি চানুৱে প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰৈছে। ইফালে, ঋষিকান্ত সিঙৰ সংগ্ৰাম আৰু ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনক গৌৰৱৰ বিষয় বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰিছে।
প্ৰতিবন্ধকতা নেওচি সফলতাৰ মুখ দেখা মীৰাবাঈ চানু আৰু ঋষিকান্ত সিং নতুন চামৰ বাবে অনুপ্ৰেৰণা।
