Monday, October 26, 2026
Homeক্ৰীড়া'আজি মই বহুত সুখী যে মই অসমৰ কাৰণে কিবা এটা কৰিব পাৰিছো'

‘আজি মই বহুত সুখী যে মই অসমৰ কাৰণে কিবা এটা কৰিব পাৰিছো’

গুৱাহাটীত স্বৰ্ণকন্যা লাভলীনাক উষ্ম আদৰণি। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত বিশাল সম্বৰ্ধনা অনুষ্ঠান। লাভলীনাক সম্বৰ্ধনা অসম স্প’ৰ্টছ এছ’চিয়েশ্যন, অসম এমেছাৰ বক্সিং এছ’চিয়েশ্যনৰ। অসম অলিম্পিক সন্থাৰ সহযোগত এই অনুষ্ঠান। ক্ৰীড়ামন্ত্ৰী বিশ্বজিত্‍ দৈমাৰীৰ উপস্থিতিত এই সম্বৰ্ধনা অনুষ্ঠান।

মোৰ নিজৰে বিশ্বাস হোৱা নাই এইজনি মইয়ে নে। অসমবাসীৰ পৰা পোৱা মৰমত মই নিজকে সৌভাগ্যৱান বুলি ভাৱো। মোৰ এই যাত্ৰাত অনুপ্ৰেৰণা যোগোৱা প্ৰত্যেকগৰাকীকে মই ধন্যবাদ জনাইছো। আজি মই বহুত সুখী যে মই অসমৰ কাৰণে কিবা এটা কৰিব পাৰিছো। ইমানবোৰ মানুহৰ মৰমত আৰু বহুত আগুৱাই যাব পাৰিম বুলি মই আশাবাদী – লাভলীনা বৰগোঁহাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments