Monday, October 26, 2026
Homeঅসম৪১ সংখ্যক যুৱ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসম বাস্কেটবল সন্থাৰ ৰাজ্যিক ল'ৰাৰ...

৪১ সংখ্যক যুৱ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসম বাস্কেটবল সন্থাৰ ৰাজ্যিক ল’ৰাৰ দল ঘোষণা

গুৱাহাটী, ১৬.১০.২০২৬ : বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়া (BFI) তথা মহাৰাষ্ট্ৰ ষ্টেট বাস্কেটবল এছ’চিয়েশ্যনৰ যুটীয়া সহযোগত মহাৰাষ্ট্ৰৰ পুনে চহৰত অনুষ্ঠিত হ’বলগীয়া ৪১ সংখ্যক যুৱ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপত (ল’ৰা আৰু ছোৱালী) অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া অসম ৰাজ্যিক ল’ৰাৰ দলটো অসম বাস্কেটবল সন্থাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ২৭ অক্টোবৰৰ পৰা ৩ নৱেম্বৰ, ২০২৬ লৈ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াপ্রতিভাক লৈ গঠিত দলটোৰ তালিকা তলত প্ৰদান কৰা হ’ল:

নিৰ্বাচিত ল’ৰাৰ দল: নিবিৰ শইকীয়া (গোলাঘাট), ধীৰজ বি. শইকীয়া (গোলাঘাট), যথাৰ্থ শৰ্মা (গোলাঘাট), অয়ন দত্ত (গোলাঘাট), অক্ষৰজ গৌতম চেত্ৰী (কামৰূপ মেট্ৰ’), হৃষীকেশ দাস (কামৰূপ মেট্ৰ’), প্ৰতীক যাদৱ (জি.এছ.এ.), ছাই নাথ (এন.এফ.আৰ.), অৱনদীপ দে (ডিব্ৰুগড়), আদিত্য ৰাথোড় (কাৰ্বি আংলং), দৰ্শিল বৰগোহাঁই (জি.এছ.এ.), আৰু যশৰাজ ৰাভা (কামৰূপ মেট্ৰ’)।

সংৰক্ষিত (ষ্টেণ্ডবাই) খেলুৱৈসকল: ভদ্ৰজিত বৰো (কোকৰাঝাৰ), ড্ৰিউ পাওগৌৱেলিয়েন বুহ্ৰিল (ডিমা হাচাও), আৰু দেৱিত বসুমতাৰী (ওদালগুৰি)।

দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে বদন দে আৰু দলীয় পৰিচালক হিচাপে জেৰল্ড বসুমতাৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত দলটোৱে গৌৰৱোজ্জ্বল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰি সন্থাই সমগ্ৰ দলটোলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে।

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক চাজিদ ৰহমানে এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments