লতাশিল খেলপথাৰত গুৱাহাটী বিহু সন্মিলনীৰ বিহু মঞ্চত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। মঞ্চত তেতিয়া জুবিন গাৰ্গৰ একান্ত সহচৰ বাদ্যযন্ত্ৰীসকল- ৰাজা বৰুৱা, পাৰ্থ গোস্বামী, প্ৰিয়াংকু বৰদলৈ, ঋষভ ভূঞা…। এই যেন জুবিন আহিব… এই যেন জুবিন গাৰ্গে কৈ দিব আকৌ এবাৰ – LOVE YOU ALL…
আৱেগিক হৈ জুবিনপত্নী গৰিমাই কৈ উঠিল, ‘‘এইখন মঞ্চলৈ আহি মই অনুভৱ কৰা নাই যে জুবিন আমাৰ মাজত নাই। জুবিন আমাৰ মাজত আছে। অন্তৰত আছে। আৰু সদায় থাকিব। আপোনালোকে জুবিনক আপোনালোকৰ মাজত ৰাখিব। জুবিনে এইখন অসম এৰি কেতিয়াও নাযায়। আৰু সেইকাৰণেই মই এইখন মঞ্চলৈ আহিছোঁ বহুত সাহস কৰি। আজি বহুত দিন হ’ল মানুহৰ কাষলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক’ব পৰা সাহস মোৰ নাছিল। আৱেগিক হৈ ভাঙি পৰোঁ। মই আপোনালোকৰ পৰা বহুত শক্তি পাইছোঁ। পিছফালে বহিছোঁহি আহি, মই অনুভৱ কৰিছোঁ জুবিন এইখিনিত আছে। আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম। আমি তেওঁৰ সত্ত্বা সদায় অনুভৱ কৰি থাকিম।
আপোনালোক সকলোৰে মাজত জুবিন অকণমান অকণমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে, থাকিব সদায়। মই চেষ্টা কৰিম, আজিৰ পৰা আৰু এই চকুলো বোৱাই নাথাকোঁ মই। আপোনালোকৰ মাজত মই শক্তিশালী হৈ থিয় হৈ শক্তিশালী হৈ আপোনালোকৰ মাজলৈ আহিম। জুবিনে ভালপোৱা সকলো কাম আমি কৰি যাম। তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভালপোৱা সেই দৰদী সত্বা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। জুবিনে এজনে এশজন হৈ কাম কৰিছিল। কিন্তু আমি ১০০ ভাগৰ এভাগ হৈ অকমাণ ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কৰিব পাৰোঁ। নিশ্চয় কৰিব পাৰিম। আমি সকলোৱে জুবিনক ৰাখিব পাৰিম অসমখনত।’’
‘‘মই ভাবোঁ জুবিনক ইতিমধ্যে আপোনালোকে ন্যায় দিছেই। আৰু ন্যায় জুবিনে পাবই। সেয়া ন্যায় ঈশ্বৰে দিব। সেয়া ন্যায় ৰাইজে দিব। সেয়া ন্যায় জুবিনে পাবই। আমি সকলো জুবিনৰ কণ্ঠ। আপোনালোক সকলো জুবিনৰ কণ্ঠ। গতিকে জুবিন আমাৰ মাজত এতিয়াও আছে। সকলো জুবিনৰেই কণ্ঠ। আমাৰ জুবিন অমৰ জুবিন।’’
