Saturday, May 2, 2026
Homeঅসম‘‘মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা’’

‘‘মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা’’

শুক্লা অষ্টমীৰ লগ্ন চাই মহাবাহুত বিসৰ্জন দিয়া হ’ল অসমী আইৰ মৰমৰ পুত্ৰ জুবিন গাৰ্গৰ অস্থি। ফাঁচীবজাৰৰ কাছমাৰী ঘাট আৰু যোৰহাটত একেলগে বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ অস্থি আৰু চিতাভষ্ম।

‘‘মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা।’’ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰে একাধিকবাৰ ৰাজহুৱা স্থানত কৈছিল মৃত্যুৰ পিছত ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া কথা। লুইতক প্ৰাণ ভৰি ভাল পাইছিল অসমীয়াৰ বুকুৰ আপোন জুবিন গাৰ্গে। আৰু সেয়াই হ’ল।জুবিন গাৰ্গে বিচৰা ধৰণেই মহাবাহুত বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ অস্থি আৰু চিতাভষ্ম। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গসহ পৰিয়ালৰ লোকে বিসৰ্জনৰ দিলে জুবিনৰ অস্থি।

গৰিমা গাৰ্গৰ লগতে অস্থি বিসৰ্জনৰ সময়ত উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, কণ্ঠশিল্পী জুবলী বৰুৱা, ছবি প্ৰয়োজিকা নৱনীতা শর্মা, জুবিন গাৰ্গৰ বন্ধু দিগন্ত শৰ্মা, ৰাজা বৰুৱা, পাৰ্থ প্ৰতীম গোস্বামী আৰু মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্ত।

যোৰহাটতো লুইতত বিসৰ্জন দিয়া জুবিন গাৰ্গৰ অস্থি আৰু চিতাভষ্ম। যোৰহাটত অস্থি বিসৰ্জন দিলে অৰুণ গাৰ্গ, সিদ্ধাংকু অংকুৰ বৰুৱাই দিলে বিসৰ্জন।অস্থি বিসৰ্জনৰ সময়ত যোৰহাট জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ায়ো দিলে সংগ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments