ডিজিটেল ডেস্ক, ১৫ অক্টোবৰ: কে চি আৰ নামেৰে জনপ্ৰিয় তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰ সমিতিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত দলিত বন্ধু আৰু কে চি আৰ বিমাকে ধৰি দলৰ ফ্লেগশ্বিপ কল্যাণমূলক আঁচনি অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
দলিত বন্ধৰ অধীনত তেলেংগানাৰ প্ৰতিটো দলিত পৰিয়ালে ব্যৱসায় আৰম্ভ কৰিবলৈ বা কৃষিক্ষেত্ৰত বিনিয়োগ কৰিবলৈ ১০ লাখ টকাৰ অনুদান লাভ কৰিব। কেচিআৰ বিমা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৯৩ লাখ বিপিএল পৰিয়ালক ৫ লাখ টকাৰ বীমা প্ৰদান কৰা হ’ব।
কেচিআৰে লগতে ঘোষণা কৰে যে অহা কেইবছৰমানৰ ভিতৰত জ্যেষ্ঠ নাগৰিক, বিধৱা, আৰু বিশেষভাৱে সক্ষম লোকৰ সামাজিক পেঞ্চন ২০১৬ টকাৰ পৰা মাহে ৫০০০ টকালৈ বৃদ্ধি কৰা হ’ব।
প্ৰতিবন্ধী লোকৰ সামাজিক সুৰক্ষা পেঞ্চন প্ৰতিমাহে ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।
লগতে সকলো যোগ্য পৰিয়ালৰ বাবে ৪০০ টকাত গেছ চিলিণ্ডাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে দলটোৱে। মুখ্যমন্ত্রী সোণোৱালে কয় যে বি আৰ এছে সকলো যোগ্য ভোটাৰৰ বাবে ১৫ লাখ টকাৰ স্বাস্থ্য আৱৰণৰ প্রতিশ্রুতি দিছে৷
সকলোৰে বাবে গৃহ নিৰ্মাণ যিকোনো চৰকাৰৰ সামাজিক দায়িত্ব বুলি দাবী কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে হায়দৰাবাদত আৰু এক লাখ ডাবল বেডযুক্ত কোঠা নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে।
দেওবাৰে সন্ধিয়া ছিদ্দিপেট জিলাৰ হুছনাবাদত কেচিআৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ উপলক্ষে ৰাজহুৱা সভাত ভাষণ দিয়াৰ কথা।
কেচিআৰৰ বাবে হুছনাবাদক ভাগ্যৱান সমষ্টি হিচাপে গণ্য কৰা হয়, কিয়নো তেওঁ ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ একে ঠাইৰ পৰাই আৰম্ভ কৰিছিল।
বিৰোধী বিজেপি আৰু কংগ্ৰেছৰ ওপৰত হেড ষ্টাৰ্টৰ সুযোগ লৈ আগষ্ট মাহত মুঠ ১১৯খন বিধানসভাৰ আসনৰ ভিতৰত ১১৫খন আসনৰ বাবে বি আৰ এছে প্ৰাৰ্থী মুকলি কৰি দিছিল। অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব তেলেংগানা বিধানসভাৰ নিৰ্বাচন।