আজিৰে পৰা দুটা দিনৰ বাবে ‘মিনি দিছপুৰ’ত পৰিণত হ’ব যোৰহাট। কাৰণ আজিৰে পৰা যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জিলা আয়ুক্ত সন্মিলন। এই DC Conferenceত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ১৫গৰাকী মন্ত্ৰী, ৰাজ্য চৰকাৰৰ ৪৪গৰাকী জ্যেষ্ঠ IAS বিষয়া আৰু ৩১গৰাকী জিলা আয়ুক্ত। এই বৃহৎ অনুষ্ঠানৰ বাবে যোৰহাট জিলা প্ৰশাসন তথা অন্যান্য চৰকাৰী বিভাগৰ বিষয়াসকলৰ দিনে-নিশাই ব্যস্ততা বৃদ্ধি পাইছে। আজি জিলা আয়ুক্ত সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চিনামৰা ৰে’লৱে উৰণ সেতুখনৰ শুভ উদ্বোধন কৰে। যোৰহাট–মৰিয়নি–মোককচাং পথৰ ওপৰত ৬৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই দুই লেনযুক্ত ৰেলৱে উৰণ সেতুখন। এইখন হৈছে যোৰহাটৰ চতুৰ্থখন উৰণ সেতু।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ চিনামৰাত নিৰ্মিত বহুমহলীয়া সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনটিৰ শুভ উদ্বোধন কৰে। ৪৯ কোটি ৬১ লাখ ৫৭ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ৫মহলীয়া কাৰ্যালয় ভৱনটো । ইয়াৰ লগতে দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৩,৫৪,৩৭,৯৪৮.০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লুইতপৰীয়া মিচিং হাইস্কুলৰ নতুন ভৱনটোৰো শুভ উদ্বোধন কৰে।
ভোগদৈ ৰিভাৰ ফ্ৰন্ট আধুনিক ৰূপত নিৰ্মাণ কৰা হ’ব বুলিও আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি যোৰহাটবাসীলৈ আগবঢ়ালোঁ চিনামৰাৰ নৱনিৰ্মিত ৰে’লৱে উৰণ সেতুখনি। গুৰুত্বপূৰ্ণ উৰণ সেতুখনিয়ে দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা বহুলাংশে দূৰ কৰাৰ লগতে ৰে’লৱে লেভেল ক্ৰছিঙত যান-বাহনসমূহে এতিয়াৰে পৰা দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া নহ’ব। বিশেষকৈ মৰিয়নি আৰু তিতাবৰৰ দৰে সম-জিলা সদৰসমূহৰ সৈতে যোৰহাটৰ যোগাযোগ অধিক দ্ৰুত আৰু সহজ হৈ পৰিব। যোৰহাট চহৰৰ প্ৰধান শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা কেন্দ্ৰ, বজাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ কেন্দ্ৰসমূহলৈ জনসাধাৰণৰ যাতায়াত এতিয়াৰে পৰা বহু পৰিমাণে সুচল হ’ব। এই প্ৰকল্পই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতেও ব্যৱসায়িক আৰু যাতায়াত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।’’
