Tuesday, July 8, 2025
Homeৰাজনৈতিকচৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভালখবৰ, ৪% ডি এ বৃদ্ধিৰ অনুমোদন

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভালখবৰ, ৪% ডি এ বৃদ্ধিৰ অনুমোদন

ডিজিটেল ডেস্ক, ১৮ অক্টোবৰ: চৰকাৰী কৰ্মচাৰীৰ বাবে ৪% ডি এ বৃদ্ধিৰ অনুমোদন কেন্দ্ৰৰ। এই সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ বৰ্তমানৰ ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাব।

কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু ডিয়াৰনেছ ৰিলিফ (ডি আৰ) বৃদ্ধিৰ অনুমতি প্ৰদান কৰে। আজিৰ কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পিছতে কেন্দ্ৰই ৪ শতাংশ ডি এ বৃদ্ধিৰ অনুমোদন দিবলৈ সাজু হৈছে।

এই সিদ্ধান্তৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ বৰ্তমানৰ ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাব।

ডি এ বৃদ্ধিয়ে উৎসৱৰ বতৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অসংখ্য কৰ্মচাৰী আৰু পেঞ্চনাৰক অতি প্ৰয়োজনীয় সকাহ প্ৰদান কৰিব। ইয়াৰ ফলত ৪৭ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব।

২০২৩ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব অনুমোদিত ডি এ বৃদ্ধি।ইয়াৰ অৰ্থ হ’ল জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত বকেয়া ধনৰ লগতে নৱেম্বৰ মাহৰ পৰা বৰ্ধিত দৰমহা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments