Monday, July 7, 2025
Homeঅসমআজি মুকলি হ’ব শ্ৰদ্ধাঞ্জলি সেতু

আজি মুকলি হ’ব শ্ৰদ্ধাঞ্জলি সেতু

ডিজিটেল ডেস্ক, ১৯ অক্টোবৰ: আজি মুকলি হ’ব গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন। বিয়লি ৫.১৫ বজাত মুকলি কৰিব উৰণ সেতুখন। মুকলিৰ পূৰ্বে ৰং-তুলিকাৰে আটক–ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে শ্ৰদ্ধাঞ্জলি উৰণ সেতু।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) আনুষ্ঠানিকভাৱে মুকলি কৰিব সেঁতুখন৷ মহানগৰীৰ আন আন সেঁতুৰ তুলনাত পৃথক আৰু অনন্য হ’ব এই সেঁতুখন৷

সেঁতুখনৰ বাবদ মুঠ ব্যয় হৈছে ৩১৬ কোটি ১১ লাখ টকা৷ সেঁতুখনৰ ঠিকাদাৰ অনিল দাস৷ সেঁতুখন নিৰ্মাণৰ বাবে ৩০ মাহ সময় আছিল যদিও নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে অৰ্থাৎ ১৯ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছে৷ উৰণ সেঁতুখনৰ মুঠ দৈৰ্ঘ্য ২২৮৩ মিটাৰ, ইয়াৰ ৰাধাগোবিন্দ বৰুৱা পথৰ দৈৰ্ঘ্য হৈছে ১৯৭০ মিটাৰ আৰু মাডাৰ টেৰেছা পথৰ দৈৰ্ঘ্য হৈছে ৩১৩ মিটাৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments