মহেন্দ্ৰ পগাগ, গহপুৰ: মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা আয়োজন কৰা সদৌ অসম মিচিং অলিম্পিক যোৱা ২৫, ২৬, ২৭ তাৰিখে জোনাইৰ পভা ত অনুষ্ঠিত হয়। উক্ত মিছিং অলিম্পিক ত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকল অংশ গ্ৰহণ কৰে।
ইয়াৰে শোণিতপুৰৰ মুঠ ৮৩জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু মুঠ 9 জনে সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।
মুঠ ৯ টাকৈ পদকেৰে সমগ্ৰ শোণিতপুৰ জিলাৰ লগতে গহপুৰলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলক আজি অৰ্থাৎ শনিবাৰে শোণিতপুৰ জিলা TMPK, MMK, TMMK ৰ প্ৰাক্তন খেলুৱৈ তথা গহপুৰ বাসী ৰাইজে গহপুৰ ৰেলৱে ষ্টেচনৰ পৰা ৰজা বাৰীলৈ উলহ মালোহেৰে আদৰণি জনোৱা অনা হয়।