ৰঙিয়া,চামচুল হক:এটিটিউডৰ প্ৰসংগ টানি দিয়া এক ভাষণক লৈ বিতৰ্কত বিষয়াগৰাকী। বিষয়াজনৰ দেহৰক্ষী, হাউছগাৰ্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত৷। বিপদ বাঢ়িছে আৰক্ষীক এটিটিউড দেখুওৱা SDO দ্বীপন বৰ্মনৰ। নাৰী নিৰ্যাতন গোচৰৰ পুৰণি ফাইল খুলিছে অসম আৰক্ষীয়ে
গুৱাহাটীৰ গড়চুক থানাত দ্বীপন বৰ্মনৰ বিৰুদ্ধে ৰুজু হৈছিল ধৰ্ষণৰ গোচৰ। দুবছৰ ধৰি এগৰাকী মহিলাক নিৰ্যাতন চলাইছিল দ্বীপন। ইতিমধ্যে দ্বীপন বৰ্মনৰ দেহৰক্ষীও প্ৰত্যাহাৰ কৰিছে গৃহ বিভাগে।
জি পি সিঙে কৈছে – কুৎসিত ভাষা ব্যৱহাৰ নকৰিব। দ্বীপন বৰ্মনৰ ঘটনাক লৈ DGP জি পি সিঙৰ হস্তক্ষেপ। আৰক্ষীক লৈ কুৎসিত ভাষা ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জি পি সিঙৰ। অসম আৰক্ষীক দম দিয়াটো এটিটিউড বুলি কৈছিল দ্বীপন বৰ্মনে। গ্ৰেপ্তাৰৰ সম্ভাৱনাও বৃদ্ধি পাইছে দ্বীপন বৰ্মনৰ। গ্ৰেপ্তাৰৰ সম্ভাৱনাও বৃদ্ধি পাইছে দ্বীপন বৰ্মনৰ
গৃহ বিভাগৰ নিৰ্দেশৰ পিছতেই টালি টোপোলা বান্ধি যাবলৈ ওলাইছে ৫ দেহৰক্ষী। ইফালে এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী প্ৰশাসনৰ ওচৰত ক্ষমা বিচাৰে মহকুমাধিপতি দ্বিপন বৰ্মনে