Saturday, April 25, 2026
Homeঅসমঅসমীয়া চলচিত্ৰ ‘চিলনী চোৰ’ৰ গীত মুকলি

অসমীয়া চলচিত্ৰ ‘চিলনী চোৰ’ৰ গীত মুকলি

গুৱাহাটী, ১২ নৱেম্বৰঃ ‘মন যায়’, ‘ৰণাংগন’, ‘সন্ধিক্ষণ’, ‘আহি আছে’ আৰু শেহতীয়াকৈ মুক্তিলাভ কৰা ‘বন্ধু’ৰ দৰে জনপ্ৰিয় অসমীয়া চলচিত্ৰৰ চিত্ৰনাট্যকাৰ ডাঃ নয়নজ্যোতি তালুকদাৰৰ চিত্ৰনাট্য-সংলাপেৰে সজোৱা তথা ইতিপূৰ্বে কেইবাখনো সমাদৃত অসমীয়া চলচিত্ৰ অসমৰ দৰ্শকক উপহাৰ দিয়া জনপ্ৰিয় চলচিত্ৰ পৰিচালক প্ৰণৱজ্যোতি ভড়ালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া চলচিত্ৰ ‘চিলনী চোৰ’ৰ দৃশ্য-শ্ৰাব্য গীতসমূহ মুকলি কৰা হয়৷

দেওবাৰে দিশপুৰ প্ৰেছ ক্লাবত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতসমূহ মুকলি কৰি পৰিচালক ভড়ালীয়ে গীতসমূহ শ্ৰোতা দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে ছবিখনো সমানে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে৷ ‘অসমৰ বিভিন্ন ঠাইৰ চাৰিজন নিবনুৱাই কৰ্মসন্ধানৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি কেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মুখামুখি হ’বলগীয়া হয়, তাৰেই এক সুন্দৰ কাহিনীৰে বাস্তৱধৰ্মী কাহিনীৰে সজোৱা হৈছে ‘চিলনী চোৰ’ চিত্ৰনাট্য৷ ‘ৰণাংগণ’ [২০১৩], ‘ইপাৰ-সিপাৰ’ [২০১৭] ৰ দৰে জনপ্ৰিয় ছবি পৰিচালনা কৰা পৰিচালক ভড়ালীৰ তৃতীয়খন ছবি ‘চিলনী চোৰ’ৰ সম্প্ৰতি সম্পাদনাৰ কাম-কাজ সমাপ্ত হৈ চেঞ্চৰৰ বাবে প্ৰস্তুতি চলাই আছে৷

বাংগালুৰুৰ ‘বৰছনছ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনিৰ প্ৰযোজক পৰেশ বৰা৷ গুৱাহাটী, ৰঙাপাৰা, চতিয়া, মেঘালয়ত দৃশ্যগ্ৰহণ শেষ হোৱা ‘চিলনী চোৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিনেমাট’গ্ৰাফাৰ প্ৰফুল্ল ৰাভাই৷ সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহীৰ ভৈৰৱে৷ চাৰিটি গীত সন্বিৱিষ্ট ছবিখনিৰ বাবে জুবিন গাৰ্গ, সুবাসনা দত্ত, দিক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ আৰু নিতুল দাধৰাই গীতসমূহত কণ্ঠ নিগৰাইছে৷

গীতিকাৰ ৰবচন বৰুৱা, কেশৱ নয়ন, আৰ্য নীল আৰু বিমান বৰুৱা, ছবিখনিৰ মুখ্য সহকাৰী পৰিচালক ভৱেশ নাথ আৰু সহকাৰী পৰিচালক পুলক শিৱম৷ এক্সন কম্প’জাৰ প্ৰণৱ মেধি৷ ‘চিলনী চোৰ’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– অৰুণ হাজৰিকা, দেবানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, ছাজু আহমেদ, প্ৰণৱ দত্ত, জ্যোতিস্মান শৰ্মা,
নীল তামুলী, কংকণ দে, নিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দ্বীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ, অনুপম শইকীয়া আদিয়ে৷ নৃত্য নিৰ্দেশক– উদয় শংকৰ আৰু ৰাজু দাস৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments