Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ

৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান তীব্ৰতৰ

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ: নিগনিৰ দৰে গাঁত খান্দি উদ্ধাৰকাৰী দলটোৱে ছিলকিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ওচৰ পালেগৈ। যি পাইপেৰে শ্ৰমিকসকল ওলাই আহিব, উপযুক্ত ঠাইত ৰখা হয়। শ্ৰমিকসকলক ঘূৰাই অনাৰ বাবে কিছু শেষ মুহূৰ্তৰ কাম কৰা হৈছে। সুৰংগটোৰ বাহিৰত ডাক্তৰৰ দল এটা। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত শ্ৰমিকসকলক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকলে পাইপৰ মাজেৰে সুৰংগটোত উপস্থিত হৈ শ্ৰমিকসকলৰ কাষ চাপিব। তেওঁলোকৰ লগত কথা পাতিব। সেই পাইপৰ মাজেৰে কেনেকৈ ওলাই আহিব লাগে বুজাই দিয়া। এই পাইপটো ডেৰ-দুই ফুট বহল। পাইপৰ ওপৰত থকা ৱেল্ডবোৰ যথেষ্ট চোকা। তাতে বাহিৰ ওলোৱাৰ সময়ত শ্ৰমিক আহত হ’ব পাৰে। এই সকলোবোৰ বিপদ শ্ৰমিকসকলক বুজাই দিয়া হয়। প্ৰথমতে ভাবিছিল যে শ্ৰমিকসকলে সুৰংগটোৰ পৰা খোজ কাঢ়ি ওলাই আহিব। কিন্তু ১৭ দিন সুৰংগটোত বন্দী হৈ থকাৰ বাবে তেওঁলোক এতিয়া শাৰীৰিকভাৱে সক্ষম নহয়। সেই কাৰণে পাইপৰ মাজেৰে চকাযুক্ত ট্ৰলীৰ জৰিয়তে তেওঁলোকক পৰিবহণ কৰা হ’ব।

সুৰংগটোৰ বাহিৰত ৪১খন এম্বুলেন্স উপস্থিত আছে। তাত এটা অস্থায়ী স্বাস্থ্য কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। সেই কেন্দ্ৰত প্ৰথম চিকিৎসাৰ অন্তত শ্ৰমিকসকলক ৩০ কিলোমিটাৰ দূৰৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব। গ্ৰীণ কৰিডৰ সৃষ্টি কৰা হৈছে যাতে বেছি সময় নষ্ট নহয়। জিলা চিকিৎসালয়খনৰ কাষতে এটা অস্থায়ী হেলিপেড নিৰ্মাণ কৰি চপাৰৰ ব্যৱস্থা কৰা হৈছে। কোনো শ্ৰমিকৰ অৱস্থা বেয়া হ’লে তেওঁক ততাতৈয়াকৈ হৃষিকেশৰ এইমছ হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব। তাতেই তেওঁৰ চিকিৎসা চলি থাকিব।

প্ৰশাসনৰ তথ্য অনুসৰি উত্তৰকাশী জিলা চিকিৎসালয়ত ৪১খন বিচনা সাজু কৰি ৰখা হৈছে। প্ৰতিখন বিচনাতে অক্সিজেন ব্যৱস্থা আছে। ট্ৰমা কেয়াৰ ইউনিট, আই চি ইউৰ বিচনা সাজু কৰি ৰখা হয়। শৰীৰৰ সমান্তৰালকৈ মনৰ চিকিৎসাও হ’ব শ্ৰমিকসকলৰ বাবে। ১২ নৱেম্বৰৰ পৰা ছিলকিয়াৰা সুৰংগত বন্দী হৈ আছে শ্ৰমিক সকলক। তাৰ পিছৰে পৰা বিভিন্ন প্ৰকাৰে উদ্ধাৰৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। যদি এটা পৰিকল্পনা বিফল হয়, তেন্তে আন এটা পৰিকল্পনা গ্ৰহণ কৰি উদ্ধাৰৰ কাম আগবাঢ়ি যায়। শেষত নিগনিৰ দৰে গাঁত খান্দি উদ্ধাৰ অভিযান চলোৱা হয়। খনন যন্ত্ৰৰ পৰিৱৰ্তে হাতেৰে কৰা হয়। ই সফল হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰসিং ধামীয়ে মঙলবাৰে বিয়লি সুৰংগটোৰ বাহিৰত উপস্থিত হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments