ডিজিটেল ডেস্ক ANEWS24X7: ৰাজ্যসভালৈ যাব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ ত্ৰিপুৰাৰ আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হ’ব বিপ্লৱ কুমাৰ দেব ।
শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে বিপ্লৱ কুমাৰ দেৱক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷ চলিত বৰ্ষৰ ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচন । এই ঘোষণাৰ কিছু সময়ৰ পূৰ্বে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱক গেৰুৱা দলৰ দ্বাৰা হাৰিয়ানা ৰাজ্যৰ দায়িত্ব অৰ্পন কৰা হৈছিল ৷
উল্লেখ্য যে ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁপন্থী শাসনৰ বেহু ভাঙি বিজেপিৰ শাসন অনাৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত এক সুকিয়া স্থান লাভ কৰিব সক্ষম হৈছে ত্ৰিপুৰাৰ প্ৰক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ ২০১৮ চনৰ ৯ মাৰ্চ মাহৰ পৰা ২০২২ চনৰ ১৪ মে’ লৈ বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ দশম মুখ্য মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ৷