Thursday, November 7, 2024
Homeঅৰ্থনীতিবিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিক লৈ উদ্বিগ্ন আইএমএফ

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিক লৈ উদ্বিগ্ন আইএমএফ

 

ডিজিটেল ডেস্ক, ANEWS24X7: বিশ্বজুৰি দেখা দিছে আৰ্থিক মন্দাৱস্থা ৷ ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে বিশ্বৰ দৰিদ্ৰ আৰু উন্নয়ণশীল দেশ সমূহত ৷ এনে পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে আইএমএফৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই ৷ ইয়াৰ মাজতে আইএমএফৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই শুক্ৰবাৰে সাক্ষাৎ কৰে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ৷

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি আইএমএফৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই কয় যে , বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও ভাৰতে বিশ্ব অৰ্থনীতিত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ লগতে আন্তৰ্জাতিক ঋণৰ ফলত বিশ্বব্যাপী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে হোৱা এই সাক্ষাতকাৰত আগন্তুক জি-২০ সন্মিলনৰ বিষয়েও আলোচনা কৰা হয় । দুয়োগৰাকী নেত্ৰীয়ে বিশ্ব অৰ্থনীতিৰ বাবে ক্ষতিকাৰক দিশ সমূহ খৰচি মাৰি আলোচনা কৰে আৰু সেই বোৰৰ নিৰাময়ৰ বাবে উপায় উদ্ভাৱনৰ কথা উল্লেখ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments