Friday, November 8, 2024
Homeঅসম'কংগ্ৰেছ দলে এটা সমষ্টিতে খোৱা কামোৰা কৰিছে'

‘কংগ্ৰেছ দলে এটা সমষ্টিতে খোৱা কামোৰা কৰিছে’

তামুলপুৰ, ১১ডিছেম্বৰ: তামুলপুৰৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ কুমাৰীকাটাত BJP ৰ বিশাল কাৰ্যকর্তা সন্মিলন। সভাত অংশ গ্ৰহণ কৰি কেইবা সহস্ৰাধিক জনতাক সম্বোধন মন্ত্ৰী পিজুছ হাজৰিকা, মন্ত্ৰী অজন্তা নেওগ, আৰু সাংসদ দিলীপ শইকীয়াৰ।বৰ্তমান দৰঙাজুলি সমষ্টিটোৰ BJP পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী।

ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ উদ্যোগত আয়োজিত বিশাল সভাত বিজেপিৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে সমালোচনা বিৰোধীক।

সভাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ দিলীপ শইকীয়াৰ মন্তয়ব- ইণ্ডিয়া গোটবন্ধনে ভূমিস্থ হোৱাৰ পূৰ্ৱে জন্ম দিছে মৃত সন্তান।কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই ৷ কংগ্ৰেছ এটা মৃতপ্ৰায় দল ৷ গতিকে কোনো দলে যদি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি আগুৱাব বিচাৰিছে তেন্তে সেয়া দলটোৰ বাবে হব দিবাস্বপ্ন ৷

কাৰণৰ বৰ্তমান সময়ত ৰাইজৰ পৰা বহু যোজন দূৰলৈ আতৰি গৈছে কংগ্ৰেছ দল ৷ সেইদৰে ইণ্ডিয়া গোটবন্ধনও কেতিয়াও সফল হব নোৱাৰে ৷ কাৰণ ভূমিস্থ হোৱাৰ পূৰ্ৱেই তেওঁলোকৰ সন্তানৰ মৃত্যু হৈছে ৷ গতিকে চেষ্টা কৰিলেও তেওঁলোক সফল হব নোৱাৰে।আনহাতে বিটিচিত উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰিলে হাগ্ৰামা মহিলাৰীকো এন ডি এত আহিবলৈ আহ্বান।

আনহাতে পিজুছ হাজৰিকাই কয় যে- কংগ্ৰেছ দলে এটা সমষ্টিতে খোৱা কামোৰা কৰিছে ৷ সমষ্টি টো হ’ল নগাঁও লোক সভা সমষ্টি ৷সন্দেহযুক্ত বাংলাদেশী লোক আছে বাবেই নগাঁও সমষ্টিত খোৱা কামোৰা কংগ্ৰেছৰ ৷ নগাঁও লোকসভা সমষ্টিৰ ধিং – ৰূপহী – লাহৰিঘাট আছে কাৰনে নগাঁৱত গুচি আহিব কংগ্ৰেছ ৷

কাজিৰঙা সমষ্টিত ছয়টা সমষ্টি আছে ৷ ছয়টা বাদ দি তিনিটাৰ প্ৰেমত পৰিছে গৌৰৱ গগৈ ৷কংগ্ৰেছ এটা জাগাত থাকিব য’ত সন্দেহ যুক্ত মুছলমান লোকে বাস কৰে ৷ সন্দেহযুক্ত মানুহৰ হাতত ঘৰমাটি বিক্ৰী কৰিব নালাগে।মুখ্যমন্ত্ৰীয়েও কৈছে মইও কৈছো ৷বৰ্তমানৰ এন আৰ চি খন মই নামানো ৷ মই মনে প্ৰানে এন আৰ চি খন পুনৰ নিৰীক্ষন কৰাটো বিচাৰো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments