Wednesday, March 11, 2026
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি:
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব ,গোটেই দিন আপোনাৰ মন ভালে থাকিব। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হব।

 

বৃষ ৰাশি :
আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলা প্ৰীতিৰ সহায় লওক। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আপোনাৰ জীৱন সংগী আজি বহুত ৰোমাণ্টিক মন -মেজাজত থাকিব।

 

মিথুন ৰাশি:
বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰষা কৰি আছে আৰু নিৰ্ণয় ল’ব বাবে স্পষ্ট চিন্তা ধাৰা আৱশ্যকীয়। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।

 

কৰ্কট ৰাশি:
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। খৰচত বৃদ্ধি হব,কিন্তু লগতে আমদানী ত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ’ব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নঞাৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰ্ভাৱিত হব পাৰে ,কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি লব।

 

সিংহ ৰাশি:
ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োঅজন অনুভৱ কৰিব পাৰে।

 

কন্যা ৰাশি:
আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। আপুনি ধৈৰ্য আৰু কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ কিন্তু খেলা-ধুলাত ইমানো ব্যস্ত নহব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব।

 

তুলা ৰাশি:
সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে, নিজৰ আত্ম বিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। যদি আপুনি কিবা নতুন ব্যৱসায় আৰু যোজনা আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে অতি সোনকালে নিৰ্ণয় লওক ,এইখিনি সময়ত আপোনাৰ নক্ষত্ৰ ভাল স্থিতিত আছে। আপুনি যি কৰিব বিচাৰে ,সেইপিনে পদক্ষেপ লওতে ভয় নাখাব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব।

 

বৃশ্চিক ৰাশি:
শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আজি আপুনি বহুুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ’লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষ জনক ভাৱে পূৰণ হব । আজি দিনটো আপোনাৰ আৰু জীৱন সংগীৰ মাজত আত্মীয়তা পূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়।

 

ধনু ৰাশি:
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। যাত্ৰা কৰি থাকোতে আপুনি বহুত নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব। আজি মগজুৰ বহুত ব্যায়াম হব পাৰে , আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হব পাৰে লগতে বৰ্গ সাথঁৰৰ খেলো হব পাৰে ,আন কিছুমানে গল্প,চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। জীৱন সংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হব পাৰে ,কিন্তু ধৈৰ্য ধৰি থাকক।

 

মকৰ ৰাশি:
পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল।

 

কুম্ভ ৰাশি:
কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্ম বিশ্বাস কম কৰি দিব পাৰে। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। নিজকেে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনা সমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগ বাঢ়িব।

 

মীন ৰাশি:
আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিক ভাৱে সুস্থ হোৱা বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। এনেকুৱা কাাম কৰক যিবোৰ কৰি আপুনি বহুত সুখ অনুভৱ কৰে, কিন্তু বেলেগৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ নকৰিব। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments