ডিজিটেল ডেস্ক, ২০ডিচেম্বৰ: ছাগলী চুৰি কৰিবলৈ আহি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক । AS 01 QC 8204 নম্বৰৰ মাৰুটি এল্টো বাহনেৰে লগৰীয়াৰ সতে বৰগাৱত ছাগলী চুৰি কৰিবলৈ গৈছিল বাইহাটা চাৰিআলি থানা এলকাৰে বৰ পানাৰা গাৱৰ যুৱক গৌৰৱ ডেকা । পিছে ছাগলী গাড়ীত উঠাবলৈ লওতেই দেখা পালে গৰাকীয়ে ।
গৰাকীয়ে চিঞৰ বাসৰ কৰি এল্টো গাড়ীখন পিচে পিচে খেদি যাওতে আধাবাটতে ছাগলীটো পেলাই দি পলাবলৈ চেষ্টা কৰে যদিও পলাই সাৰিব নোৱাৰিলে । কিছুদূৰ বাট পলোৱাৰ পিচতে বিহদিয়া চ’কত ৰাইজে কৰায়ত কৰে গাড়ীখন ।
গৌৰৱ ডেকাৰ লগত অহা বাকী কেইজন চোৰ ৰাইজৰ চকুত ধুলি দি পলাই সাৰে যদিও গৌৰৱ পলাব নোৱাৰিলে । অৱশেষত ৰাইজে উত্তম মধ্যম শোধাই বাইহাটা আৰক্ষীক গটাই দিয়ে । সমাজৰ মহাব্যাধি ড্ৰাগছ সেৱনৰ বাবে এনেধৰনৰ চুৰি কাৰ্য সংঘটিত কৰে বুলি একাংশই কব বিছাৰে ।
