Sunday, April 26, 2026
Homeঅসমদিন দুপৰতে লুটপাতৰ ঘটনা

দিন দুপৰতে লুটপাতৰ ঘটনা

ৰঙিয়া, চামচুল হক: ৰঙিয়াত দিন দুপৰতে লুটপাতৰ ঘটনা । ৰঙিয়া থানাৰ মাত্ৰ ২০০ মিটাৰ আতৰত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকক লুটপাত কৰিলে তিনি দুৰ্বৃত্তই । নিচা জাতীয় দ্ৰব্য চটিয়াই টকাৰ বেগ কাঢ়ি নিলে দুখন বাইকত অহা তিনি দুৰ্বৃত্তই ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ উদিয়ানাৰ নিবাসী তথা ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ গোলাম আলী নামৰ গ্ৰাহকগৰাকীয়ে ২০ হাজাৰ টকা উলিয়াইছিল । তাৰ পিছতে দুজন অচিনাক্ত যুৱকে গোলাম আলীৰ সৈতে চিনাকি হৈ হোটেলত চাহ, তামোল খাবলৈ জোৰ কৰে ।

হোটেলত খাবলৈ ধৰোতে দুই দুৰ্বৃত্তই টকাৰ বেগটো কাঢ়ি নিয়ে । গোলাম আলীয়ে টকাৰ বেগটো টনা আজোৰা কৰাত দুই দুৰ্বৃত্তই নিচা জাতীয় স্প্ৰে চটিয়াই দিয়ে ।

তাৰ পিছতে দুখন বাইকত তিনিজন দুৰ্বৃত্তই পলায়ন কৰে । ইফালে নিচা জাতীয় স্প্ৰে চটিয়াই দিয়াৰ ফলত অচেতন হৈ পৰে গোলাম আলী । পিছত পৰিয়ালৰ লোকে অসুস্থ অৱস্থাত গোলাম আলীক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তাৰ উন্নত চিকিৎসাৰ বাবে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ।

উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালৰ গোলাম আলীয়ে নিজৰ চিকিৎসাৰ বাবে বেংকৰ পৰা টকাখিনি উলিয়াই লৈ অহাৰ পিছত দুৰ্বৃত্তই লুটি নিয়াত চিম্তাত ভাগি পৰিছে পৰিয়ালটো । ইফালে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত গৈ তদন্ত আৰম্ভ কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments