গৌতম বৰা, দেৰগাঁও:দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাদুলিপাৰত পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা দুজনৰ। দেৰগাঁৱৰ বাদুলিপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চাহ বাগিচাত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা।পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা দুই আৰোহীয়ে।
উল্লেখ্য যে AS01EE-5267 নম্বৰৰ বগা ৰঙৰ বলেৰ’ বাহনে তীব্ৰ বেগত গুৱাহাটীৰ পৰা মাজুলিৰ অভিমূখে আহি থকা অৱস্থাত পথৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই কেইবালুটি খাই পথৰ মাজতে বাগৰি পৰে।ততাতৈয়াকৈ ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আহত দুইজন ব্যক্তিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।