Monday, July 7, 2025
Homeঅসমকালিকা লাগিছে দেৰগাঁওৰ ৰাজপথত!

কালিকা লাগিছে দেৰগাঁওৰ ৰাজপথত!

দেৰগাঁও, ৮জানুৱাৰী:দেৰগাঁৱৰ ৰাজপথত পুনৰ বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক। দেৰগাঁৱৰ ৰাজপথত সোমবাৰে পূৱাতে পুনৰ সংঘটিত হয় এক দুৰ্ঘটনা।আজি পূৱা ৬ মান বজাতে সংঘটিত হয় এই দুৰ্ঘটনাটো।দেৰগাঁৱৰ বাদুলিপাৰৰ দুবৰি ধাবাৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনা।

গুৱাহাটী দিশৰ পৰা শিৱসাগৰ অভিমুখী AS01NC3090 নম্বৰৰ ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰে। অৱশ্যে এই ঘটনাত কোনো লোকৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দেওবাৰেও এখন বলেৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবালুটি খাই বাগৰি পৰিছিল ৰাষ্ট্ৰীয় ঘাইপথৰ বাদুলিপাৰত।

ঘটনাস্থলীত দেৰগাঁৱৰ যানবাহন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি ।
কিয় বাৰে বাৰে নৱ নিৰ্মিত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈছে এইয়া লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments