Tuesday, July 8, 2025
Homeঅসমঅসমত বন্ধ থাকিব সুৰাৰ বিপণী!

অসমত বন্ধ থাকিব সুৰাৰ বিপণী!

ডিজিটেল ডেস্ক, ৮জানুৱাৰী: সমগ্ৰ ৰাজ্যত বন্ধ থাকিব সুৰাৰ বিপণী।ৰাম মন্দিৰ মুকলিৰ দিনটোত ঘোষণা কৰা হৈছে ড্ৰাই ডে’। ২২ জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা।   অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৱিত্ৰ দিনটোত অসমত সুৰাৰ বিপণী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ইতিমধ্যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলিছে অযোধ্যাত। দেশ-বিদেশৰ লাখ লাখ ভক্তৰ আগমন হ’ব অযোধ্যালৈ।২২ জানুৱাৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ভগৱান ৰামৰ প্ৰথমবাৰৰ বাবে আৰতি কৰিব। তাৰ পিছত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ চৌহদত নিৰ্মিত জটায়ুৰ প্ৰতিমূৰ্তিলৈ পুষ্পাঞ্জলি অৰ্পণ কৰিব।

মাত্ৰ ৮৪ ছেকেণ্ড হ’ব ভগৱান ৰামৰ অভিষেকৰ বাবে শুভ সময়। দিনৰ ১২ বাজি ২৯ মিনিট ৪ ছেকেণ্ডৰ পৰা ১২ বাজি ৩০ মিনিট ৩২ ছেকেণ্ডলৈ হ’ব এই শুভক্ষণ। পণ্ডিত গণেশৱাৰ শাস্ত্ৰীয়ে ভগৱান ৰামৰ অভিষেকৰ এই পবিত্ৰ ক্ষণ বাছি উলিয়াইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments