ডিজিটেল ডেস্ক, ১৫জানুৱাৰী: আজি ভোগালী বিহু । সমগ্ৰ ৰাজ্যতে এতিয়া ভোগালী বিহুৰ উখল-মাখল পৰিবেশ ৷ নিশা উৰুকাৰ ভোজ-ভাত খাই মেজি ৰখাৰ পাছতে আজি পুৱাই মেজি দাহ কৰিছে ৰাজ্যবাসীয়ে ৷ চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই।
লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে প্ৰাৰ্থনা কৰিলে। একেদৰে মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বিহু উপলক্ষে জা-জলপান, পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাড়ু, মাহ কঢ়াই আদিৰে ভোগালীৰ ভোগ গ্ৰহণৰ পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে, মাঘৰ প্ৰথমটো পুৱাত সূৰ্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়। মাঘ বিহু যিহেতু কৃষিৰ সৈতে জড়িত, এই বিহুত শস্য চপোৱা উৎসৱ হিচাপে সমগ্ৰ দেশতে পালন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে পালন কৰা হয় এই উৎসৱ। অসমত উদযাপন কৰা মাঘ বিহুক তামিলনাডুত পোংগল আৰু পঞ্জাৱৰ লোহৰি উৎসৱ হিচাপে পালন কৰা হয়।
