Saturday, July 5, 2025
Homeস্বাস্থ্যমমো খালে হ’ব পাৰে পাইলছ...!

মমো খালে হ’ব পাৰে পাইলছ…!

নিউজ ডেক্স, ৩১ জানুৱাৰীঃ মমো হৈছে ডেকা-বুঢ়া সকলোৱে ভাল পোৱা খাদ্য। ফাষ্ট ফুডৰ তালিকাত বহুতৰে ভিতৰত এই খাদ্য প্ৰথম পছন্দ। কিন্তু বেছিভাগ ফাষ্ট ফুড সামগ্ৰী আটাৰে তৈয়াৰ কৰা হয়, যাৰ ফলত স্বাস্থ্যৰ প্ৰত্যক্ষ ক্ষতি হয়।
বহুতে ভোকত থাকোঁতে সহজতে পোৱা মমো খাই ভোক নিবাৰণ কৰে।

কিন্তু এই মমোটোৱে শৰীৰৰ কিমান ক্ষতি কৰিছে তাক ভাবিবও নোৱাৰে। বহুতে ভাবে যে ভজা মমো খালে শৰীৰ বেয়া হ’ব পাৰে। কিন্তু ভজা আৰু সিজোৱা মমো দুয়োটা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

বিশেষজ্ঞসকলৰ মতে, মমো কেৱল ক্ষতিকাৰকেই নহয়, ই বহু ৰোগৰ সৃষ্টিও কৰিব পাৰে। মমো খালে পাইলছ, আলচাৰ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

বিশেষজ্ঞসকলে মন্তব্য কৰে যে যিসকলে মমো খাই ভাল পায়, তেওঁলোকে ঘৰতে মমো বনাই খাব পাৰে। ই অতি স্বাস্থ্যকৰ। কিন্তু ইয়াৰ লগত টেঙা চাটনি থকাৰ পৰিৱৰ্তে ধনীয়া পাত, আদা আৰু নহৰুৰে সুস্বাদু আৰু স্বাস্থ্যকৰ চাটনি বনাব পাৰি। তদুপৰি ই বৰ সোৱাদযুক্তও। অলপ সাৱধান হ’লে ভৱিষ্যতে বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments