Sunday, July 6, 2025
Homeঅসমখানাপাৰাত জ্বলিব ১ লাখ চাকি

খানাপাৰাত জ্বলিব ১ লাখ চাকি

গুৱাহাটী, ১ফেব্ৰুৱাৰী: দেশজুৰি বলিছে লোকসভা নিৰ্বাচনৰ বতাহ৷ অসমতো ১৪খন আসনক কেন্দ্ৰ কৰি আৰম্ভ হৈ গৈছে নিৰ্বাচনী কুচ-কাৱাজ৷ বলি থকা নিৰ্বাচনী বতাহজাকক অধিক গৰম কৰিবলৈ ৩ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

বহুকেইটা প্ৰকল্পৰ শিলান্যাসৰ লগতে আন কেতবোৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ মুকলি কৰিব আলাবৈৰ ৰণৰ স্মৃতিত নিৰ্মাণ কৰা উদ্যান। ভাৰ্চুৱেলী উন্মোচন কৰিব বীৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি। আধাৰশিলা কৰিব বহুকেইখন চিকিৎসা মহাবিদ্যালয়ৰ। প্ৰায় ১০হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। যাক লৈ ইখনৰ পিছত সিখন বৈঠক বহিছে। জনতা ভৱনত ভাগে ভাগে দায়িত্ব দিয়া হৈছে বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ, মৰ্চাক ৷

৩ ফেব্ৰুৱাৰীত খানাপাৰাত ১ লাখ বন্তি প্ৰজ্বলন কৰিব মহিলা আৰু যুৱ মৰ্চাই। প্ৰধানমন্ত্ৰী মোদীক অসমলৈ আদৰি ২,০০০ বাইকেৰে আহিব যুৱ মৰ্চাৰ কাৰ্যকৰ্তা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মটৰ চাইকেল ৰেলী কৰিও ৩ ফেব্ৰুৱাৰীত খানাপাৰাত উপস্থিত হ’ব ৪ হাজাৰ জিলাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা।

৩ ফেব্ৰুৱাৰীত খানাপাৰাত সেইসকল যুৱ মৰ্চাৰ কার্যকৰ্তাৰ সৈতে মত-বিনিময় কৰিব মুখ্যমন্ত্ৰীয়ে। ৪ ফেব্ৰুৱাৰীত নিৰ্বাচনী বতৰৰ ভল্টেজ হাই কৰিবলৈ খানাপাৰাত একত্ৰিত হ’ব ডেৰ লাখতকৈ অধিক লোক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments