মেষ ৰাশি ফলাফল –
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক সু-দৃঢ় কৰিব। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
বৃষ ৰাশি ফলাফল –
ভয় আপোনাৰ আনন্দ শেষ কৰি দিব পাৰে।। আপুনি বুজিব লাগে যে এই ভয় আপোনাৰ কল্পনা আৰু চিন্তাৰ পৰা উদ্ভৱ হোৱা । ভয় আপোনাৰ সহজতা সমাপ্ত কৰি দিয়ে ।এইবাবে ভয় আৰম্ভ হোৱা সময়তে শেষ কৰি দিয়ক যাতে ই আপোনাক ভয়াতুৰ বনাব নোৱাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব।
মিথুন ৰাশি ফলাফল –
জটিিল পৰিস্থিতিৰ সন্মুখীন হব লগা হব পাৰে , সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব । এই অসফলতা সমূহক সফলতাৰ আধাৰ বনাওক । জটিল সময়ত আত্মীয় কামত আহিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে ,সেয়ে লেন-দেনৰ লগত জড়িত কাম বোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহব । আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। বেলেগক এইটো কবলৈ অধিক উত্তেজিত নহব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।
কৰ্কট ৰাশি ফলাফল –
ধনাত্মক চিন্তা ধাৰা সমূহে মনত আহিব দিয়ক। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন , একেলগে এক ধুনীয় সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক।
সিংহ ৰাশি ফলাফল –
আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। পূৰ্ব পূৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব ,এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
কন্যা ৰাশি ফলাফল –
আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।
তুলা ৰাশি ফলাফল –
আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। সাধাৰণৰ বিবাহিত জীৱনত আজি ৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে।
বৃশ্চিক ৰাশি ফলাফল –
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। কোনোবা এজন যাৰ লগত আপুনি একেলগে থাকে ,আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খঙ কৰিব পাৰে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম-কাজ ত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। সময়ৰ চকা বহু দ্ৰুত গতিত চলে সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওঁক। দৈদৈনন্দিন প্ৰয়োজন সমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হব পাৰে। খোৱা-বোৱা ,চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয় বস্তু ইয়াৰ কাৰণ হব পাৰে।
ধনু ৰাশি ফলাফল –
আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। তেতিিয়ালৈকে আপোনাৰ বৰিষ্ঠ ক সেই ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। একান্তত থকা নিজৰ বাবে ভাল ,কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দুৰত থাকিলে আপুনি বেছি চিন্তিত হ’ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে।
মকৰ ৰাশি ফলাফল –
আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ অহা এক সংবাদে আপোনাৰ লগতে গোটেই পৰিয়ালক ৰোমাঞ্চিত কৰি তুলিব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভাল কৈ ভাৱি চিন্তি লওক। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিবি লাগিব নহ’লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ’ব পাৰে। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।
কুম্ভ ৰাশি ফলাফল –
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে ,কিন্তু গাড়ী চলোৱা সময়ত অধিক সাৱধান থাকক। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।
মীন ৰাশি ফলাফল –
আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।তেনেহ’লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী, সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।