Saturday, July 5, 2025
Homeসাহিত্যৰ’জ ডে’ৰ আঁৰত আছে বহু গোপন কথাঃ আপুনি বাৰু জানেনে?

ৰ’জ ডে’ৰ আঁৰত আছে বহু গোপন কথাঃ আপুনি বাৰু জানেনে?

হেমন্ত শৰ্মা, ৭ ফেব্ৰুৱাৰীঃ সমাগত ভেলেণ্টাইন ডে’। আজিৰে পৰা আৰম্ভ প্ৰেমৰ সপ্তাহ। ৭ ফেব্ৰুৱাৰী ৰ’জ ডে’ৰ পৰা আৰম্ভ হয় প্ৰেমৰ এই সপ্তাহ। কিন্তু আপুনি বাৰু জানেনে ৰ’জ ডে’ৰ আঁৰত বহু কথা। প্ৰতি বছৰে ৭ ফেব্ৰুৱাৰীত প্ৰেমৰ সপ্তাহটো আৰম্ভ হয় ৰ’জ ডে’ উদযাপনৰ জৰিয়তে। সেই অনুসৰি আজিৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহটো ৰ’জ ডে’ৰ পৰা। আৰু প্ৰেমৰ আৰম্ভণি মানেই ফুল।

বিশ্বৰ বহু লোকে ৰ’জ ডে’ পালন কৰে যদিও এই দিনটোৰ আঁৰৰ ইতিহাস বহুতে নাজানে। বিশ্বাস কৰা হয় যে মোগল বেগম নুৰজাহানে ৰঙা গোলাপৰ প্ৰতি অতি আকৰ্ষিত আছিল। পত্নীক সন্তুষ্ট কৰিবলৈ জাহাংগীৰে প্ৰতিদিনে তেওঁৰ ৰাজপ্ৰসাদলৈ এক টন সতেজ ৰঙা গোলাপ পঠিয়াইছিল। আজিৰ দিনটো উপলক্ষে আন এক ইতিহাস আছে। বিশ্বাস কৰা হয় যে ৰাণী ভিক্টোৰিয়াৰ যুগত বহুতে ৰঙা গোলাপ ফুলেৰে ইজনে সিজনৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিছিল।

সেই পৰম্পৰা ৰক্ষা কৰি ভেলেণ্টাইন সপ্তাহৰ প্ৰথম দিনটো ৰ’জ ডে’ হিচাপে পালন কৰা হয়। বহুতে হয়তো নাজানে, ৭ ফেব্ৰুৱাৰীৰ বাহিৰেও প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্ব ৰ’জ ডে’ পালন কৰা হয়। সমগ্ৰ বিশ্বৰ কৰ্কট ৰোগীৰ বাবে এই দিৱস উচৰ্গা কৰা হৈছে।

১৯৯৪ চনত কানাডাত ইয়াৰ আৰম্ভ হৈছিল, য’ত ১২ বছৰীয়া কৰ্কট ৰোগৰ পৰা ৰক্ষা পোৱা মেলিণ্ডা ৰোজৰ কৰ্কট ৰোগৰ সৈতে হোৱা কঠিন যুঁজখনক প্ৰথমবাৰৰ বাবে বিশ্ব ৰ’জ ডে’ হিচাপে উদযাপন কৰা হৈছিল। কানাডাৰ বাসিন্দা ১২ বছৰীয়া মেৰিণ্ডা ৰোজৰ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

চিকিৎসকে কয় যে মেৰিণ্ডা এসপ্তাহতকৈ বেছি দিন জীয়াই নাথাকিব। কিন্তু সকলোকে আচৰিত কৰি কণমানি মেৰিণ্ডা ৰোজ তিনি বছৰ ধৰি কেন্সাৰৰ যুদ্ধৰ পৰা ৰক্ষা পৰিল। কেন্সাৰৰ বিৰুদ্ধে তেওঁৰ যুঁজৰ সন্মানত প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ কৰ্কট ৰোগীসকলক এই বিশেষ দিনটোত গোলাপ ফুলেৰে গ্ৰেটিং দিয়া হয় যাতে তেওঁলোকেও কেন্সাৰৰ বিৰুদ্ধে যুঁজত জয়ী হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments