গুৱাহাটী ১১ ফেব্ৰুৱাৰীঃ অসমৰ অন্যতম আঞ্চলিক দল তথা অসম আন্দোলনৰ ঐতিহাসিক পটভূমিৰে জন্মলাভ কৰা অসম গণ পৰিষদ দলৰ দ্বাদশ কেন্দ্ৰীয় সাধাৰণ অধিবেশন আজি গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত দলীয় কৰ্মীসকলৰ ব্যাপক উচাহ আৰু উদুলী মুদুলী পৰিবেশৰ মাজেৰে অনুষ্ঠিত হয়। ৰাজ্যখনৰ প্ৰতিটো বিধান সভা সমষ্টি সমিতি, জিলা সমিতি আৰু ভাতৃ-ভগ্নী সংগঠনৰ পাচঁ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই সাধাৰণ অধিবেশনত ৰাতিপুৱা দলৰ পতাকা উত্তোলন কৰে সভাপতি অতুল বৰাই।
শ্বহীদ তৰ্পন কায্যসূচী মুকলি কৰে কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আৰু সতীৰ্থ সোঁৱৰণ কাৰ্য্যসূচী মুকলি কৰে জ্যেষ্ঠ নেতা তথা বিধায়ক প্ৰদীপ হাজৰিকাই। ইয়াৰ পিছতে মূল সাধাৰণ সভাৰ কাৰ্য্যসূচী আৰম্ভ হয়। আদৰণি ভাষন দিয়ে সাধাৰণ সম্পাদক মনোজ শইকীয়াই আৰু প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। বিত্তীয় প্ৰতিবেদন পাঠ কৰে বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে।
সভাপতিৰ ভাষণত সভাপতি অতুল বৰাই ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংখা আৰু চিন্তাক আগবঢ়াই নিবলৈ অসম গণ পৰিষদ দলক শক্তিশালী কৰিবলৈ দলৰ সদস্যসকলক আহ্বান জনাই বৰাই কয় যে, অগপ শক্তিশালী হলেহে আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু আঞ্চলিকতাবাদ শক্তিশালী হলেহে অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষিত হ’ব। দলৰ সদস্যসকলক ত্যাগ, পৰিশ্ৰম আৰু দলৰ প্ৰতি দায়বদ্ধতাক কৃতজ্ঞতাৰে স্মৰণ কৰি জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ উদ্যেমেই হৈছে দলটোৰ অন্যতম শক্তি।
অসম গণ পৰিষদ দলৰ পতাকাখন অসমক মনে প্ৰাণে ভালপোৱা সকলো জনসাধাৰণে আগবঢ়াই নিব লাগিব। ঐক্য শান্তি আৰু প্ৰগতিৰ মূল মন্ত্ৰৰে ৰাজ্যখনৰ প্ৰতিটো বিষয়ত দলৰ প্ৰতিগৰাকী সদস্যই দায়বদ্ধতাৰে আত্মিনয়োগ কৰিব লাগিব।অসম গণ পৰি,দ দলৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। আহিবলগীয়া দিনসমূহ দলটোৰ শক্তি বৃদ্ধি কৰিবলৈ তৃণণূল পৰ্য্যায়ৰ পৰা দলক বিস্তাৰিত ৰূপত শক্তিশালী কৰিব লাগিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোটৰ চৰকাৰখনে ৰাজ্যখনত উন্নয়ণ আৰু বিকাশ ৰ নতুন বাট মুকলি কৰিছে।
খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ঐতিহাসিক সিদ্ধান্ত লৈছে। পৰিৱৰ্তীত পৰিস্থিতিত দলটোক সময়ৰ সৈতে আগবঢ়াই নিবলৈ নতুন পৰিকল্পনা আৰু কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সময় সমাগত বুলি উল্লেখ কৰে ।দলটোক অধিক জনমুখী কৰাৰ উদ্দেশ্যে সকলো স্তৰৰ সদস্যসকলৰ লগতে ভাতৃ-ভগ্নী সংগঠনমূহক সামৰি সংগঠনিক কাম-কাজ আগবঢ়াই নিব লাগিব। সভাত কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই বাস্তৱিক পৰিস্থিতি উপলবদ্ধি কৰি দল আগবঢ়াৰ সময় বুলি উল্লেখ কৰি অসমৰ জনসাধাৰণৰ হৃদয়ত থকা অসম গণ পৰিষদ দলক জাতীয়তাবাদৰৰ অন্যতম স্তম্ভ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰে।
সাংগঠনিক কাৰ্য্যসূচী আৰু ৰাজনৈতিক কাৰ্য্যসূচী সমান্তৰাল ভাৱে আগবঢ়াই নিবলৈ মহন্তই দলীয় কৰ্মীসকলক আহ্বান জনায়। সাধাৰণ সভাত পুৰণি সমিতিৰ হৈ সভাপতি অতুল বৰাই পদত্যাগ কৰাৰ পিছত নিৰ্বাচন পৰিচালন সমিতিৰ হৈ ড০ নৃপেন বৰুৱা আৰু নৃপ কুমাৰ ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰে। নিৰ্বাচন পৰিচালনা সমিতিয়ে দলীয় সংবিধানৰ আধাৰত কাৰ্য্যসূচী পৰিচালনা কৰে আৰু সভাত উপস্থিত সকলো প্ৰতিনিধিয়ে বিপুল হৰ্ষধ্বনীৰে অতুল বৰাক পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে।
নৱনিৰ্বাচিত সভাপতি অতুল বৰাই কাৰ্য্যকৰী সভাপতি হিচাপে কেশৱ মহন্তৰ নামটো মনোনীত কৰাত প্ৰতিনিধিসকলে সৰ্বসন্মতিক্ৰমে সমৰ্থন জনায়। ইয়াৰ পিছতে সন্ধিয়া দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত বন্তি প্ৰজ্বলন কৰি নৱনিৰ্বাচিত সভাপতি অতুল বৰাই আনুষ্ঠানিক ভাৱে নতুন সমিতিৰ হৈ দায়িত্বভাৰ গ্ৰহণ কৰে। সাধাৰণ সভাই নৱনিৰ্বাচিত সভাপতি অতুল বৰাক পূৰ্ণাঙ্গ সমিতি গঠনৰ বাবে কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।
সাধাৰণ সভাই কেইবাটাও সাংগঠনিক আৰু ৰাজনৈতিক প্ৰস্তাৱে গ্ৰহণ কৰে। সভাই লোকসভা নিৰ্বাচনত এন ডি এ ৰ অংশীদাৰ হৈ একেলগে প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই সম্পৰ্কত নিৰ্বাচনী ৰণনীতি গ্ৰহণ কৰিবলৈ সাধাৰণ সবাই নবনিৰ্বাচিত সভাপতি অতুল বৰাক কতৃত্ব প্ৰদান কৰে। সভাই দলৰ সাংগঠনিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰ্তমানৰ বৰ্ষটো দলৰ শক্তি বৃদ্ধিৰ বৰ্ষ হিচাপে ঘোষণা কৰি এখনি সাংগঠনিক কৰ্মসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয়। সভাই এখনি পষেকীয়া বাৰ্তালোচনী প্ৰকাশ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।
সভাই মিত্ৰজোটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনে উন্নয়ণ আৰু বিকাশৰ নতুন দিগন্ত সূচনা কৰাত অভিনন্দন জ্ঞাপন কৰে আৰু ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্ত সমূহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।