Thursday, November 7, 2024
Homeবিজ্ঞানমানুহ ডুব নোযোৱা সাগৰ দেখিছেনে?

মানুহ ডুব নোযোৱা সাগৰ দেখিছেনে?

হেমন্ত শৰ্মা, ১৩ ফেব্ৰুৱাৰীঃ আপুনি সাঁতুৰিব নাজানে নেকি? তাতোকৈ ডাঙৰ কথা, সাগৰৰ মাজলৈ গৈ বাতৰি কাকত পঢ়াৰ পৰা আৰম্ভ কৰি পানীত ওপঙি খোৱা-বোৱালৈকে সকলো কাম কৰিব পাৰিব। পৃথিৱীত এনে এখন সাগৰ আছে, য’ত মানুহ ডুব নাযায়। সাধাৰণতে মৃত মানুহহে পানীত ওপঙি থাকে। কিন্তু এনে নহয়। পৃথিৱীত এখন সাগৰ আছে য’ত আপুনি ওপঙি থাকিব পাৰিব। তাৰ বাবে সাঁতুৰিব নালাগে।

জৰ্ডান আৰু ইজৰাইলৰ মাজত অৱস্থিত এই সাগৰখনক মৃত সাগৰ বুলি জনা যায়। ভুলবশতঃ এই সাগৰত পৰিলেও আপুনি ডুব নাযায়, আপোনাৰ শৰীৰটো পানীত ওপঙি থাকিব। আচলতে সাগৰৰ পানী সাধাৰণতে নিমখীয়া হয়, কিন্তু এই মৰা সাগৰৰ পানী ইমানেই নিমখীয়া যে ইয়াত কোনো জীৱই থাকিব নোৱাৰে।

এই সাগৰত মাছ এটাও পেলাই দিলে লগে লগে পানীত মৰি যায়। বিজ্ঞানীসকলৰ মতে মৃত সাগৰৰ পানীত ব্ৰমাইড, জিংক, চালফাৰ, পটাছ, মেগনেছিয়াম আৰু কেলচিয়াম আদি খনিজ পদাৰ্থ পোৱা যায়, যাৰ বাবে ই যথেষ্ট নিমখীয়া হৈ পৰে। কিন্তু এতিয়া আপোনাৰ মনলৈ এই প্ৰশ্নটো আহিছে চাগে, নিমখীয়া হোৱা আৰু ওপঙি থকাৰ মাজত কি সম্পৰ্ক? আচলতে কাৰণটো বেলেগ আৰু আকৰ্ষণীয়। মৃত সাগৰ আচলতে সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৩৮৮ ফুট তলত।

ইয়াক পৃথিৱীৰ আটাইতকৈ নিম্ন বিন্দু হিচাপে গণ্য কৰা হয়। ইয়াৰ ফলত ইয়াৰ ঘনত্ব ইমানেই বেছি হয় যে এই সাগৰত পানীৰ সোঁত তলৰ পৰা ওপৰলৈ হয়। আৰু সেইবাবেই যেতিয়া কোনো ব্যক্তিয়ে পানীৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰে তেতিয়া তেওঁ পানীৰ ওপৰত ওপঙিবলৈ আৰম্ভ কৰে। অৰ্থাৎ তাত শুই থাকিলেও আপুনি ডুব নাযায়। মৃত সাগৰৰ পানীত ৫০ শতাংশ মেগনেছিয়াম ক্লৰাইড, ৩০ শতাংশ ছডিয়াম ক্লৰাইড, ১৪ শতাংশ কেলচিয়াম ক্লৰাইড আৰু ৪ শতাংশ পটাছিয়াম ক্লৰাইড থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments