Thursday, November 7, 2024
Homeঅৰ্থনীতিচতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী ঃ চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি দ্বিতীয়দিনা গুৱাহাটীৰ লগতে আগৰতলা আৰু আইজলত মুঠ পাঁচবিধ খেল আৰম্ভ হৈছে৷ উল্লেখ্য যে গুৱাহাটীত শনিবাৰৰ পৰা কাবাদী আৰম্ভ হোৱাৰ পাছত আজিৰে পৰা বাস্কেটবল, মহিলাৰ ফুটবল আৰু মাল্লখম্ব আৰম্ভ হৈছে৷

আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত আজি মহিলা ফুটবলৰ গ্ৰুপ ‘এ’ৰ দুখনকৈ লীগ মেচ অনুষ্ঠিত হয়৷ হিচাৰৰ গুৰু জাম্বেশ্বৰ বিশ্ববিদ্যালয়ে ৰ-ঙ্ম গলত গোৱা বিশ্ববিদ্যালয়ক পৰাস্ত কৰাৰ বিপৰীতে আনখন খেলত ভিৱানীৰ চৌধুৰী বংশীলাল বিশ্ববিদ্যালয় আৰু মাদ্ৰাছ বিশ্ববিদ্যালয়ে গলশূণ্য ড্ৰ খেলে৷

ইফালে, সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত হোৱা বাস্কেটবল প্ৰতিযোগিতাত আজি পুৰুষ আৰু মহিলাৰ মুঠ আঠখন খেল অনুষ্ঠিত হয়৷ পুৰুষ শাখাত কৰ্ণাটকৰ জৈন বিশ্ববিদ্যালয়ে ৮২-৬৩ ত ক’টা বিশ্ববিদ্যালয়ক, মাদ্ৰাছ বিশ্ববিদ্যালয়ে ৮১-৬৪ ত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ক, ৰাজস্থান বিশ্ববিদ্যালয়ে ৮১-৭৬ ত গুজৰাটৰ স্বমিম ক্ৰীড়া বিশ্ববিদ্যালয়ক আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ে ১০৪-৯২ ৰ ব্যৱধানত হাৰিয়ানাৰ মহৰ্ষি ধ্যানচান্দ বিশ্ববিদ্যালয়ক পৰাস্ত কৰে৷

আনহাতে, মহিলাৰ বাস্কটবল প্ৰতিযোগিতাৰ লীগ মেচত গুৰুনানকদেৱ বিশ্ববিদ্যালয়ে ৭৯-৫৬ ত মধ্য প্ৰদেশৰ আই টি এম বিশ্ববিদ্যালয়ক, জৈন বিশ্ববিদ্যালয়ে ৭০-৪৩ ত এল এন আই পি ইক, হিন্দুস্থান কাৰিকৰী বিজ্ঞান প্ৰতিষ্ঠানে ৮৫-৬২ ত তামিলনাডুৰ এছ আৰ এম বিশ্ববিদ্যালয়ক আৰু মাদ্ৰাছ বিশ্ববিদ্যালয়ে ৯৬-৫৬ ৰ ব্যৱধানত লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ক পৰাস্ত কৰে৷

ইফালে, আজি আগৰতলাত যোগাসন আৰু আইজলত পুৰুষৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ কাইলৈৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ছুইমিং পুলত সাঁতোৰ, ভেটাপাৰৰ হকী ষ্টেডিয়ামত পুৰুষ-মহিলাৰ গ্ৰুপ লীগ মেচ আৰু আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ তৰুন ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত টেবুল টেনিছ আৰম্ভ হোৱাৰ বিপৰীতে অৰুনাচলত আৰম্ভ হ’ব পুৰুষ-মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতা৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments