Friday, November 8, 2024
Homeঅসমউত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা  যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ...

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা  যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ ঘটনাৰ সৈতে জড়িত ৬ জন লোকক কৰায়ত্ত

মালিগাঁও, ১৮ ফেব্ৰুৱাৰী, ২০২৪: উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ১৩ ৰ পৰা ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখলৈ এই সংমণ্ডলৰ ভিতৰত নিয়মীয়া অনুসন্ধান আৰু অভিযান চলাই থকাৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ০৬ জন লোকক কৰায়ত্ত কৰে। বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই অনুসন্ধানৰ সময়ত তেওঁলোকে গুৱাহাটী, ডিমাপুৰ, কিষাণগঞ্জ, কাটিহাৰ, আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী আদিত ৰেল আৰু ৰেল ষ্টেচনৰ পৰা প্ৰায় ৭২.৫ হাজাৰ টকাৰ মূল্যৱান সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰীৰ সৈতে কৰায়ত্ত কৰা আটাইকেইজন ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

শেহতীয়াকৈ ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে আলিপুৰদুৱাৰৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে আলিপুৰদুৱাৰৰ চিপিডিএছ আৰু চিআইবি টীমৰ সৈতে ৰেল নং ০২৫১৭ আপ (কলিকতা  গুৱাহাটী স্পেচিয়েল) ত তালাচীৰ সময়ত দুটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে এজন লোকক কৰায়ত্ত কৰে। একেদিনাই গুৱাহাটীৰ চিআইবি টীমৰ সৈতে যুটীয়াভাৱে গুৱাহাটীৰ ৰেলৱে সুৰক্ষা বাহিনীৰ টীমে গুৱাহাটী ৰে’ল ষ্টেচনত অনুসন্ধান চলাই প্ৰায় ১০ হাজাৰ টকা মূল্যৰ দুটা চুৰি মোবাইল ফোনসহ এজন লোকক কৰায়ত্ত কৰে।

১৫ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে, নিউ জলপাইগুড়ীৰ ৰেলৱে সুৰক্ষা বাহিনীৰ ৰেল এছক’ৰ্ট টীমে ৰেল নং ১৫৬৫৭ আপ (ব্ৰহ্মপুত্ৰ মেইল) ত এছকৰ্টিঙৰ সময়ত প্ৰায় ৯.৫ হাজাৰ টকাৰ দুটা চুৰি মোবাইল ফোনৰ সৈতে এজন লোকক কৰায়ত্ত কৰে।

১৪ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে, কাটিহাৰ (পূব)ৰ ৰেলৱে সুৰক্ষা বাহিনীৰ টীম যুটীয়াভাৱে কাটিহাৰৰ চিপিডিএছ টীম আৰু জিআৰপিৰ সৈতে কাটিহাৰ ৰেল ষ্টেচনত অনুসন্ধান চলায় আৰু এজন লোকক কৰায়ত্ত কৰাৰ লগতে নগদ ৩ হাজাৰ টকা আৰু  চুৰি হোৱা মহিলাৰ পাৰ্চ এটা উদ্ধাৰ কৰে। একেদিনাই কিষাণগঞ্জৰ ৰেলৱে সুৰক্ষা বাহিনীৰ টীমৰ সৈতে যুটিয়াভাৱে নিউ জলপাইগুড়ীৰ চিআইবি টীমে কিষাণগঞ্জ ৰে’ল ষ্টেচনত যুটীয়াভাৱে অনুসন্ধান চলাই এজন লোকক কৰায়ত্ত কৰে আৰু প্ৰায় ১৫ হাজাৰ টকাৰ এটা চুৰি মোবাইল ফোন উদ্ধাৰ কৰে।

১৩ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে ডিমাপুৰৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে ৰেল নং. ১৫৬৬৬ ডাউন (বিজি এক্সপ্ৰেছ)ত ডিমাপুৰ ৰেল ষ্টেচনত অনুসন্ধান চলায় আৰু এজন লোকক কৰায়ত্ত কৰি প্ৰায় ১৫ হাজাৰ টকাৰ এটা চুৰি মোবাইল ফোন উদ্ধাৰ কৰে।

২০২৪ চনৰ জানুৱাৰী মাহত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত ৩০ জন লোকক গ্ৰেপ্তাৰ কৰে আৰু ৪০ টা মোবাইল, ০১ টা লেপটপ আৰু নগদ ধন আদি উদ্ধাৰ কৰে, যিসমূহৰ সৰ্ব্বমুঠ মূল্য প্ৰায় ৬.৫২ লাখ টকা। উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰী সমূহৰ সৈতে কৰায়ত্ত কৰা আটাইকেইজন ব্যক্তিক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলক নিৰাপত্তা নিশ্চিত কৰাৰ কামৰ উপৰিও ৰে’ল ব্যৱহাৰকাৰীসকলক নিৰ্দেশনা আৰু সহায় আগবঢ়োৱাৰ বাবে সেৱা প্ৰদান কৰিবলৈ সদায় সাজু হৈ থাকে। ৰে’ল যাত্ৰীসকলে তেওঁলোকৰ ৰেল যাত্ৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হ’লে ১৩৯ (টোল-ফ্ৰী) ডায়েল কৰিব পাৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments