গোলাঘাট ১৯ ফেব্ৰুৱাৰীঃ অসম গণ পৰিষদ দলৰ জন্মস্থান গোলাঘাটত দলটোৰ গোলাঘাট জিলা সমিতিৰ নৱনিৰ্মিত কাৰ্য্যালয় ভৱনটো উদুলি মুদুলি পৰিবেশত উদ্বোধন কৰে দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। এই উদ্দেশ্যে অনুষ্ঠিত এক মুকলি সভা তথা যোগদান কাৰ্য্যসূচীত সভাপতিত্ব কৰে দলটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড০ নৃপেন বৰুৱাই আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক আছিকুৰ ৰহমানে। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি গীতাৰ্থ শইকীয়া, প্ৰাক্তন উপ-সভাপতি শিৱাশীষ ভৰদ্বাজ, মানৱ গগৈ, প্ৰাক্তন সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈ, প্ৰাক্তন সাংগঠনিক সম্পাদক নিকু ৰাজখোৱা, প্ৰাক্তন বিত্ত সম্পাদক পুলক গগৈৰ লগতে কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থা, শাখা ছাত্ৰ সন্থা আৰু মহাবিদ্যালয় গোটৰ পাচঁ শতাধিক বিষয়ববীয়া আৰু সদস্যৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ছাত্ৰ-যুৱকে আনুষ্ঠানিক ভাৱে দলটোত যোগদান কৰে।
ইয়াৰ পূৰ্বে দলৰ সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱা সভাপতি অতুল বৰা আৰু কা্য্যকৰী সভাপতি কেশৱ মহন্তক বিপুল ভাৱে আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনাও জনোৱা হয়। যোগদানকাৰীসকলৰ লগতে দলৰ সদস্যসকলক সম্বোধন কৰি সভাপতি অতুল বৰাই কয় যে, আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দল অসমৰ জনসাধাৰণৰ শিৰাই শিৰাই প্ৰৱাহিত হৈ আছে। অসম গণ পৰিষদ দল শক্তিশালী হলেহে ৰাজ্যখনত আঞ্চলিকতাবাদ শক্তিশালী হ’ব আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণ সুৰক্ষিত হ’ব।
বৰাই নতুন দৃষ্টিভঙ্গীৰে আৰু প্ৰগতিশীল জাতীয়তাবাদৰ মূলমন্ত্ৰৰে দলটোক আগবঢ়াই নিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি মন্ত্বব্য কৰি চলিত বৰ্ষটো দলৰ শক্তি বৃদ্ধিৰ বৰ্ষ বুলি অভিহিত কৰি দলৰ প্ৰতিগৰাকী সদস্যকে নিজৰ নিজৰ অঞ্চলত ব্যাপক জনসংযোগ কাৰ্যসূচীৰ জৰিয়তে দলক শক্তিশালী কৰাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ এক অবিৰত ধ্বজাবাহী শক্তি। ৰাজ্যবাসীৰ মনৰ উপলব্ধিক দলীয় কাৰ্য্যসূচীৰ জৰিয়তে আগবঢ়াই নিয়া হ’ব বুলি ঘোষণা কৰি দলে জাতীয় স্বাৰ্থত কাম কৰি যোৱাৰ দৃঢ়তা প্ৰকাশ কৰে।বৰাই যোগদানকাৰীসকলক আদৰণি জনাই কয় যে নতুন প্ৰজন্মৰ যোগদানে দলক অধিক শক্তি বৃদ্ধি কৰিব ।
নতুনৰ উদ্যম আৰু জেষ্ঠ সকলৰ অভিজ্ঞতা হব দলটোৰ চালিকা শক্তি। অনুষ্ঠানত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আত্মশুদ্ধি আৰু আত্মবিশ্লেষণৰ জৰিয়তে আৰু অধিক সক্ৰিয়তাৰে দলটোৰ প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ কাষলৈ যাবৰ বাবে আহ্বান জনায়। কাৰ্যকৰী সভাপতি মহন্তই লগতে কয় যে, অগপৰ প্ৰবাহমান গতিক এই নতুন তেজে অন্য মাত্ৰা প্ৰদান কৰিব। এই নতুন প্ৰজন্মৰ জৰিয়তে অগপ বহুদূৰ আগুৱাই যাব বুলি মহন্তই লগতে আশা প্ৰকাশ কৰে। অনুষ্ঠানত দলৰ উপ-সভাপতি পুতুল বৰুৱা, নুৰুল চুলতান, অপূৰ্ব ভট্টাচাৰ্য্য, পৱন শইকীয়া, সাধাৰণ সম্পাদক সুনীল ৰাজকোৱঁৰ, ড০ তপন দাস, মণি মাধৱ মহন্ত, জ্যোতিমণি মৰাণ, ধৰ্মেশ্বৰ ৰায়, ভাতৃ-ভ্গনী সংগঠনসমূহ সভাপতিসকল প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।