হেমন্ত শৰ্মা, ২২ ফেব্ৰুৱাৰীঃ দৈনন্দিন কাম-কাজৰ অন্যতম সংগী মোবাইল ফোন। কৰ্মক্ষেত্ৰত কামৰ বাবে, ছ’চিয়েল মিডিয়া, কেতিয়াবা চিনেমা, ভিডিঅ’ চোৱাৰ বাবে- যেন মোবাইলটো নহ’লে নচলেই। কেৱল সেয়াই নহয় পঢ়া-শুনা, সংগীত আদি এতিয়া মোবাইল ফোনতে কৰিব পৰা যাব। তদুপৰি কম সময়তে বেংকৰ বিভিন্ন কাম ঘৰৰ পৰাই কৰিব পৰা যায়। এই কামবোৰৰ বাবে বিভিন্নধৰণৰ এপ ব্যৱহাৰ কৰিব লাগিব। ফলত বিভিন্ন এপৰ বিজ্ঞাপন ফোনলৈ আহি থাকে। এই বিজ্ঞাপনৰ যন্ত্ৰণাত কোনো কাম সঠিকভাৱে কৰিব পৰা নাযায়। কিন্তু এই বিৰক্তিকৰ বিজ্ঞাপনবোৰৰ পৰা আপুনি সহজেই মুক্তি পাব পাৰে।
ফোনটোৰ এটা ছেটিং সলনি কৰি সমস্যাটো সমাধান কৰিব পাৰিব। কেনেকৈ কৰিব পাৰে জানি লওকঃ
প্ৰথমে আপুনি আপোনাৰ এণ্ড্ৰইড ফোনটোৰ ছেটিংছলৈ যাওক।
এতিয়া ‘Connection and Sharing’ অপচনত ক্লিক কৰক।
ইয়াত আপুনি ‘Private DNS’ নামৰ এটা বিকল্প পাব। ইয়াত ক্লিক কৰক।
এতিয়া ‘Private DNS Provider Hotsname’ বিকল্পটো নিৰ্বাচন কৰক আৰু তলত dns.adguard.com লিখক।
বছ। এতিয়াৰে পৰা আপুনি বিৰক্তিকৰ বিজ্ঞাপনৰ পৰা মুক্তি পাওক।