কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বিলঙৰ উত্তৰ–পূব আয়ুৰ্বেদ আৰু হোমিঅ‘পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি বৃদ্ধিৰ পদক্ষেপ মুকলি কৰে
- সোণোৱালে শ্বিলঙৰ উত্তৰ–পূব আয়ুৰ্বেদ আৰু হোমিঅ‘পেথি প্ৰতিষ্ঠানত আশ–পাশৰ পথৰ উপৰি প্ৰশাসনিক ভৱন, ফাৰ্মাচী ভৱন আৰু সীমাৰ বেৰৰ আধাৰশিলা স্থাপন কৰে, লগতে অতিথিশালাৰ শুভ উদ্বোধন কৰে
- “উত্তৰ–পূব আয়ুৰ্বেদ আৰু হোমিঅ‘পেথি প্ৰতিষ্ঠানৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে ২০২৩–২৪ বৰ্ষত ১৪৫ কোটিতকৈ অধিক বিনিয়োগ কৰা হৈছে“: সৰ্বানন্দ সোণোৱাল
- “উত্তৰ–পূব আয়ুৰ্বেদ আৰু হোমিঅ‘পেথি প্ৰতিষ্ঠানে ২০ খন গাঁৱৰ লোকক সহায় কৰিবলৈ পূব খাচী পাহাৰৰ স্মিতত আয়ুৰ্বেদ আৰু হোমিঅ‘পেথি অ‘পিডি স্থাপন কৰিব“: সৰ্বানন্দ সোণোৱাল
শ্বিলং, ২৩ ফেব্ৰুৱাৰী, ২০২৪: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বিলঙৰ মাওডিয়াংডিয়াঙত থকা উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ক্ষমতা তথা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে একাধিক প্ৰকল্প মুকলি কৰে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে প্ৰশাসনিক ভৱন, ফাৰ্মাচী ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পৰিধি পথ আৰু সীমাৰ দেৱালৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি, অতিথিশালাৰো শুভ উদ্বোধন কৰে। কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাই মুঞ্জপাৰাই অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনমৰ্মে আমি সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ আন্তঃগাঁথনি টনকিয়াল কৰাত বিশেষ অগ্ৰাধিকাৰ দিছোঁ। উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ক্ষমতা তথা আন্তঃগাঁথনি বৃদ্ধিয়ে বৈজ্ঞানিক প্ৰমাণ আধাৰিত পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ সম্প্ৰসাৰণৰ দিশটোক অধিক ত্বৰান্বিত কৰিব। প্ৰতিষ্ঠানখনে ইতিমধ্যে আয়ুৰ্বেদ আৰু হোমিঅ’পেথিৰ প্ৰায় এক হাজাৰ বিশেষজ্ঞক একেলগে প্ৰশিক্ষণ দিছে। ইয়াৰ ফলত মেঘালয়ত স্বাস্থ্যসেৱা প্ৰণালী যথেষ্ট শক্তিশালী হৈছে। দেশৰ গতিশীল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমি নিৰৱচ্ছিন্নভাৱে বিভিন্ন কল্যাণকামী পদক্ষেপ তথা আঁচনি গ্ৰহণ কৰি আহিছোঁ।”
সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰে আমাৰ জনজাতীয় আৰোগ্য পদ্ধতিসমূহৰ উত্তৰণ সাধনত অগ্ৰাধিকাৰ দিছে। আমাৰ চৰকাৰে উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা এবছৰত মোদী চৰকাৰে ইয়াৰ ক্ষমতা তথা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ১৪৫ কোটি টকাৰ অধিক বিনিয়োগ কৰিছে। ইয়াৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে মুঠ প্ৰকল্প ব্যয় হৈছে ২১৭.০২ কোটি।”
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে ঘোষণা কৰে যে পূব খাচী পাহাৰ জিলাৰ স্মিতত অ’পিডি সেৱা আৰম্ভ কৰা হ’ব, যিয়ে তাৰ ২০ খন গাঁৱত বাস কৰা লোকক সামৰি ল’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে প্ৰতিষ্ঠানখনে ইয়াৰ আয়ুৰ্বেদ চিকিৎসালয়ত স্বৰ্ণবিন্দু প্ৰশন সংস্কাৰ (শিশুৰ আয়ুৰ্বেদিক টিকাকৰণ মডুলেচন) আৰম্ভ কৰিছে। উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানে বিশেষকৈ পঞ্চকৰ্মা, ক্ষৰাসূত্ৰ, উত্তৰবস্তি আৰু যোগৰ দৰে পৰম্পৰাগত পদ্ধতিৰে ৰোগীসকলক সকাহ দিছে।