গুৱাহাটী, ২৯ মার্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তে ভোট বৰ্জনৰ সিদ্ধান্ত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰাপ্য অনুসৰি ১০০০ টকা কিঞ্চিত মাননি ৰান্ধনীসকলে লাভ কৰিছিল যদিও বিগত ফেব্ৰুৱাৰী মাহৰ ৯ তাৰিখে গুৱাহাটীৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ সৈতে বিষয়টো সবিস্তাৰে আলোচনা কৰা হয়। আলোচনাৰ অন্তত ৰাজ্য চৰকাৰে প্ৰায় ছয় মাহ পর্যন্ত ৫০০ টকা ধন মুকলি কৰাৰ পৰা বৰ্তমানেও বিৰত থাকে যদিও দুই-এদিনতে অতিৰিক্তভাৱে মাননি প্ৰদান কৰাৰ আশ্বাস দিছিল।
প্রতিশ্রুতি প্ৰদান কৰা আজি দুমাহৰ অন্ততো নির্বাচনী প্ৰচাৰ সভাত ৰান্ধনীসকলৰ হৈ ৰাজ্য চৰকাৰে কোনোধৰণৰ আঁচনি, মাননি বৃদ্ধিৰ ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছে, এইয়া কিন্তু আগন্তুক দিনত চিন্তনীয় বিষয়। অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনিৰ সদৰে নিৰ্বাচনী সভাত কোনো কোটি টকা ব্যয় কৰি ভোটাৰসকলক কেৱল হিতাধিকাৰী কৰি ভোট বেংক খোলাৰ ষড়যন্ত্ৰ কৰা যেনহে আমাৰ অনুভৱ হৈছে। তাৰ পিছতো ৰাজ্য চৰকাৰে সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ সাধাৰণ পৰিয়ালটোৰ কথা মনলৈ নহাত অত্যন্ত মর্মাহত হৈছো। সেয়েহে ইয়াৰ উচিত প্রত্যুত্তৰ দিবলৈ আগন্তুক ১৯ এপ্রিল তাৰিখে অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচনত শিৱসাগৰ আৰু যোৰহাটত ৩২ হাজাৰতকৈ অধিক মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ ভোটাৰ সকলে তলত উল্লেখিত দাবী সমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা নকৰিলে সমূহীয়াভাৱে ভোট বৰ্জনৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰে।
দাবীসমূহ:
১। অসমৰ প্ৰাথমিক ও উচ্চ প্রাথমিক বিদ্যালয়ত কৰ্মৰত ১ লাখ ৬ হাজাৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাৰ মাননি ১৫০০ টকাৰ পৰা ৯,৬০০ টকা বৃদ্ধি কৰক।
২। ৰাজ্য চৰকাৰে অসমৰ ৰান্ধনী সকলৰ নামত পূৰ্বতে ঘোষিত অতিৰিক্ত ৫০০ টকা দুটা মাহৰ বন্ধ কৰাত অতি শীঘ্ৰেই মুকলি কৰি প্ৰতি মাহৰ লগত সংযোগ কৰি দিয়াৰ ব্যৱস্থা কৰক।
৩। ২০২২ চনতেই ঘোষণা কৰা অসমৰ বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজন ৰান্ধনীসকলক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতিত অতি শীঘ্ৰেই পূৰণ কৰক।
৪। মধ্যাহ্ন ভোজন আঁচনিখন কোনো কাৰণতে বে-চৰকাৰী সংস্থাক দিব নোৱাৰিব।
