Tuesday, March 10, 2026
Homeঅসম‘মোডী চৰকাৰৰ অধীনত চীনে এক ইঞ্চিও মাটি বেদখল কৰিব নোৱাৰিলে’: অমিত শ্বাহ

‘মোডী চৰকাৰৰ অধীনত চীনে এক ইঞ্চিও মাটি বেদখল কৰিব নোৱাৰিলে’: অমিত শ্বাহ

ডিজিটেল ডেস্ক, ৯মাৰ্চ: লোকসভা নিৰ্বাচনঃ অসমৰ লখিমপুৰত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিব।

উত্তৰ-পূবৰ ৰাজ্যখনে ২৬ এপ্ৰিল আৰু ৭ মে’ত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত ভোটদান কৰিব।

অহা ৪ জুনত হ’ব ভোটগণনা কাৰ্যসূচী `

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে অসমৰ লখিমপুৰত এখন সভাত ভাষণ দি দৃঢ়তাৰে কয় যে , “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অধীনত চীনে এ ইঞ্চিও মাটি বেদখল কৰিব নোৱাৰে”,

“চীনৰ আগ্ৰাসনৰ সময়ত জৱাহৰলাল নেহৰুৱে অসমক কেনেদৰে ‘বাই-বাই’ কৈছিল অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। ” ..অসম আৰু অৰুণাচল প্ৰদেশে ১৯৬২ ৰ চনটো কেতিয়াও পাহৰিব নোৱাৰে।”

লগতে শ্বাহে কয়, “কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বাংলাদেশৰ সৈতে দেশৰ সীমান্ত সুৰক্ষিত কৰি অনুপ্ৰৱেশ বন্ধ কৰি দিলে।”

চলিত বৰ্ষৰ আৰম্ভণিতে দৃঢ়তাৰে শ্বাহে কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত কৈছিল যে ,পূব লাডাখত চীনৰ সৈতে কেইবামাহো ধৰি চলি থকা সামৰিক তৰ্কযুদ্ধত ভাৰতে “কোনো ভূখণ্ডত পৰাস্ত হোৱা নাই”।

লগতে পিটিআইৰ মতে, ‘চীনে ১৯৬২ চনত যি কৰিছিল, সেই কাম কৰিবলৈ চেষ্টা কৰিছিল।’

লোকসভাত শ্বাহে কয়, “আমাৰ নেতৃত্বই সংকল্প প্ৰদৰ্শন কৰিলে আৰু ভাৰতৰ এক ইঞ্চি মাটিও হেৰাই যোৱা নাই।”

কংগ্ৰেছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখি মন্ত্ৰীগৰাকীয়ে কয়, “কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল যে আমি অসমৰ সংস্কৃতি বচাব লাগিব। মই তেওঁক সোঁৱৰাই দিব বিচাৰো যে তেওঁৰ আইতাই অসমক কি কৰিলে। হাজাৰ হাজাৰ যুৱকক বিপথে পৰিচালিত কৰি হত্যা কৰা হ’ল।”

অসমত নৰেন্দ্ৰ মোডী চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, “মোডীজীৰ দহটা বছৰ অসমত ৰূপান্তৰৰ এক দশক।

বিগত ১০ বছৰত আমি বিভিন্ন শান্তি চুক্তি আৰু উন্নয়নমূলক প্ৰকল্প সমাপ্ত কৰিছো।

মই নিশ্চিত যে… আগন্তুক বছৰবোৰত অসম এখন উন্নত ৰাজ্যত পৰিণত হ’ব৷”

ৰাম মন্দিৰ বিষয় সন্দৰ্ভতো শ্বাহে কয়, “বছৰ বছৰ ধৰি কংগ্ৰেছ দলে ৰাম মন্দিৰ বিষয়টো ওলমি থকা অৱস্থাত এৰি থৈ আহিছিল। প্ৰধানমন্ত্ৰী মোদীৰ সময়তে ৰায় আহিছিল, ‘ভূমি পূজন’ হৈছিল আৰু অৱশেষত ২২ জানুৱাৰীত ‘প্ৰাণ প্ৰতিষ্ঠা’হ’ল ৰাম মন্দিৰৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments