ডিজিটেল ডেস্ক, ৯মাৰ্চ:সদৌ চাওঁতাল ছাত্ৰ সন্থা(এছু)ৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমৰ নেতৃত্বত ৯.৩০ বজাত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্ম্মূ সাক্ষাৎ কৰে।
প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক উৎপল চৰেন , উপ-সভাপতি দূৰ্গা চৰেন,সাধাৰণ সম্পাদক ৰিমান চৰেন,শিক্ষা সম্পাদক ডিকম মাৰ্ডি, সম্পাদক চনিৰাম হেমব্ৰমৰ লগত ক্ৰিড়া সম্পাদক ইজৰাইল হেমবৰমও উপস্থিত আছিল।
RGIৰ পৰিদৰ্শক মৃত্যুজ্ঞয় কুমাৰ, NCSTৰ যুটীয়া সচিৱ কাওথাং তথাং আৰু জনজাতি পৰিক্ৰমা বিভাগৰ অধ্যক্ষ ড° সংগীতা গুপ্তাক সাক্ষাৎ কৰে।
সদৌ চাওঁতাল ছাত্ৰ সন্থা(এছু) কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দলে অসমৰ ভুমিপুত্ৰ চাওঁতাল সকলৰ সাংবিধানিক অধিকাৰ ওপৰত বিস্তুাৰভাৱে আলোকপাত কৰে। জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰা, ভুমি আৰু ৰাজহ আইন(১৮৮৬) ১০ নং দফা অনুসৰি আৰু পৰম্পৰাগত বনধিকাৰ আইন ২০০৬ মতে ভুমিৰ অধিকাৰ ৰূপায়ণ কৰা, ২০০৩ চনৰ অষ্ঠম অনুসুচিত অন্তভূক্ত চাওঁতালী ভাষাৰ অধিকাৰ ৰূপায়ণ কৰা আৰু চাওঁতালসকলক চাহ জনগোষ্ঠীৰ পৰা শীঘ্ৰে বহিভূত কৰি অবিচি হিচাপে নামাকৰণ কৰাৰ বাবে ৰাষ্ট্ৰপ্ৰধানৰ লগতে বিষয়াক দাৱী জনাই।
ৰাষ্ট্ৰপ্ৰধানৰ লগতে বিষয়াসকলে জনগোষ্ঠীটোৰ দাৱীসমুহ গুৰুত্বসহকাৰে গ্ৰহণ কৰে আৰু সমস্যাসমুহক সমাধান কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।