Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি:

সফলতা ওচৰত থকা স্বত্ত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হব।

 

বৃষ ৰাশি:

আত্ম চিকিৎসাই আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক পৰিগণিত হব।যিকোনো ঔষধ খোৱাৰ আগত চিকিৎসকৰ উপদেশ লওক,নহ’লে আপোনাৰ পিছলৈ অসুবিধা হব পাৰে। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাৱি লওক।যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।

 

মিথুন ৰাশি:

অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হব পাৰে ,আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰষা নকৰিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।

 

কৰ্কট ৰাশি:

আজি শান্ত আৰু সমস্যাৰ পৰা আতঁৰি থাকক। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্য সমূহ পূৰণ কৰাত সহজ হ’ব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হব। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগ বঢ়াই ৰাখিব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োঅজন অনুভৱ কৰিব পাৰে।

 

সিংহ ৰাশি:

আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। মা-দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। সিহতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেত বহুত গুৰুত্বপূৰ্ণ ,ইয়াৰ ফলত সিহঁতৰ নিঃ সংগতাৰ অনুভূতি দূৰ হব । আপোনাৰ জীৱনৰ কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰো আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰো। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক, ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।

 

কন্যা ৰাশি:

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্ত আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হব জনে সচাকৈ আপোনাক বুজি পায়। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব।

 

তুলা ৰাশি:

হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন ,সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ’ব। অফিচত আপুনিি কিবা এনেকুৱা কাম পাব পাৰে, যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব।

 

বৃশ্চিক ৰাশি:

দাতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, সোনকালে আৰাম পাবলৈ ভাল চিকিৎসকক অৱগত কৰাওক আৰু উপদেশ মতে চলক। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হব পাৰে । কোনো পূৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজৰিত ঘটনা সমূহ ৰোমন্থন কৰিব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেত সকল আপোনাক খঙ কৰিব পাৰে , সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব । কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।

 

ধনু ৰাশি:

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আপোনাৰ পূৰণী বেমাৰ এটাই আজি উক দিব পাৰে যাৰ ফলত আপুনি চিকিৎসালয় লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হব পাৰে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব ,গোটেই দিন আপোনাৰ মন ভালে থাকিব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে।ইয়াৰ পিছত ঘৰৰ মানুহক মনাওতে বহুত সময় লাগি যাব পাৰে। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।

 

মকৰ ৰাশি:

ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। আজি আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।

 

কুম্ভ ৰাশি:

সুখেদি ভৰা ভাল দিন হয়। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাক আহৰণ কৰা উচিত। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।

 

মীন ৰাশি:

সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হব। আপুনি কেতিয়াবা গোলাপ আৰু কেৱড়া জল একেলগে শুঙি চাইছেনে ? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মল-মলাই থাকিব। পৰ্যটন ক্ষেত্ৰ আপোনাক বঢ়িয়া কেৰিয়াৰ প্ৰদান কৰিব পাৰে, এই সময় আপোনাৰ উচাকাংক্ষাক বুজি পোৱাৰ আৰু তাক সম্পূৰ্ণ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰাৰ, সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। চকুয়ে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে । এই দিনটো আপোনাৰ জীৱন সংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments