Friday, November 8, 2024
Homeঅসম‘ক্ষমা কৰিবি আই’

‘ক্ষমা কৰিবি আই’

ডিজিটেল ডেস্ক, ১৬মে’: জোনমণি ৰাভাৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল? এই বিশেষ প্ৰশ্নটোৱে খেদি ফুৰিছিল অসমৰ ৩কোটি জনতাক। প্ৰথমে অসম আৰক্ষীৰ চি আই ডি আৰু চি আই ডিৰ পৰা এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত নামিছিল চি বি আই।

  • জোনমণি কাণ্ডৰ ইতি পৰিল!
    জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ’ল
    কাহিলীপাৰাস্থিত নিজা বাসভৱনত আজি আয়োজন কৰা হৈছে জোনমণি ৰাভাৰ বছৰেকীয়া শ্ৰাদ্ধ
    জোনমণিৰ মাতৃয়ে কন্যাৰ ফটোৰ সন্মুখত দিছে শ্ৰদ্ধাঞ্জলী
    কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী দিবলৈ গৈ আকৌ এবাৰ উচুপি উঠিল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভা
    মাতৃয়ে উচুপনিৰ মাজেৰে কয়, ‘মই যিমান পাৰো কৰি আছো
    তাইৰ মৃত্যুত তৰা গোচৰ মই উঠাই ল’বলৈ বাধ্য হ’লো
    ’ ইমান সোনকালে দুয়োটা সন্তানক হেৰুৱাম বুলি ভৱা নাছিলো’

অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভা। যাক লেডী সিংঘম হিচাপে সকলোৱে জানিছিল। সেইগৰাকী জোনমণি ৰাভাই বিগত বৰ্ষৰ ১৬ মে’ৰ পুৱতি নিশা এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল।
দক্ষ আৰক্ষী বিষয়া বুলি কম সময়তে পৰিচয় দিয়া ৰাভাৰ আকস্মিক মৃত্য়ুক ৰাজ্যৰ কোনো সচেতন লোকেই সহজভাৱে ল’ব পৰা নাছিল। অসমৰ প্ৰায় সংখ্যক লোকেই আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ হোৱাটো কামনা কৰিছিল। ৰাজ্যত গঠন হোৱা জনমতৰ প্ৰতি সন্মান জনাই অসম চৰকাৰেও এই ঘটনাৰ তদন্ত অৰ্পন কৰিছিল চি বি আইক।
তাৰ পৰিপ্ৰেক্ষিততে ১ মহীয়া চিআইডি-ৰ তদন্ত প্ৰক্ৰিয়াৰ পাছত চি বি আই য়ে চমজি লৈছিল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। চি বি আই য়ে গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া হাতত লোৱাৰ পিছৰে পৰা সকলো একপ্ৰকাৰ নিশ্চিত হৈছিল যে, জোনমণি কাণ্ডৰ সঁচা কাহিনী পোহৰলৈ আহিব।
৭ফেব্ৰুৱাৰী, বুধবাৰে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল হ’ল! সুদীৰ্ঘ ৮-৯ মাহৰ পাছত আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে! চিবিআইয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি উক্ত নিশাটোত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল জোনমণি ৰাভাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments