ৰঙিয়া, ১৭মে’: পঞ্চভুতত বিলিন হ’ল থানেশ্বৰ বড়োৰ নশ্বৰ দেহ । গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে অহাৰ সময়ত ঠায়ে ঠায়ে প্ৰাক্তন মন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে ৰাইজে । ৰঙিয়াত প্ৰথমে গুৰমৌ আৰু দ্বিপ্তেশ্বৰীৰ নিজা বাসগৃহত শ্ৰদ্ধা নিবেদন কৰাৰ পিছত ৰঙিয়াৰ অগপ কাৰ্যালয়ত , ৰঙিয়া হিন্দী হাইস্কুলৰ খেলপথাৰত অগণন ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
শেষত ৰঙিয়াৰ ৰাজহুৱা শ্মশাসনত ৰাজ্যিক মৰ্যদাৰে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ শেষকৃত্য সমাপন কৰা হয় । শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অগপৰ সভাপতি তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ৰনোজ পেগু, ইউজি ব্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বঙাইগাঁওৰ বিধায়ক ফণী ভূষণ চৌধুৰী, জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনকে ধৰি কেইবাগৰাকীও প্ৰাক্তন বিধায়কে ধৰি শ শ গুণমুগ্ধই ।