Thursday, November 7, 2024
Homeঅসমআটাছুৰ উপ-সভাপতি মনোজ গগৈক আটাছুৰ পৰা বহিস্কাৰ

আটাছুৰ উপ-সভাপতি মনোজ গগৈক আটাছুৰ পৰা বহিস্কাৰ

মৰাণ, ২৮ মে’ ২০২৪ : আজি চৰাইদেও জিলাস্থিত উৰুলি ভৱনত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ এখন জৰুৰী কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় । কাৰ্যনিবাহক সভাত নিম্নলিখিত প্ৰস্তাৱ কেইটা গ্ৰহণ কৰা হয় ।

  • ১) সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ আগন্তুক ৩৬ তম প্ৰতিষ্ঠা দিৱসটো অহা ১৪ আৰু ১৫ জুলাই ২০২৪ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ বৰলাইপুলিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । 
  • ২) এইবছৰৰ পৰা প্ৰতিবছৰে অসমৰ সংবাদ জগত খনত সেৱা আগবঢ়াই থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ সাংবাদিক সকলৰ মাজৰ এজনক আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা ডামচাও অশ্বিনী চেতিয়া সোঁৱৰণি ব্ৰজকণ্ঠ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এইবছৰৰ বঁটা প্ৰাপক সাংবাদিক গৰাকীক নিৰ্বাচন কৰিবৰ বাবে এখন নিৰ্বাচন সমিতি গঠন কৰি দিয়া হয় ।
  • ৩) অসমৰ বটলিফ ফেক্টৰী সমূহে অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক পানীত হাঁহ নচৰা অৱস্থা কৰি অহা ১ জুনৰ পৰা নিজ নিজ ফেক্টৰী সমূহ বন্ধ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত আটাছুয়ে ভাৰতীয় চাহ নিগমৰ তিনিচুকীয়া আঞ্চলিক কাৰ্যলয়ৰ যোগেদি ১৫ দিনৰ সময়সীমা বান্ধি প্ৰদান কৰা স্মাৰক পত্ৰৰ আজি পৰ্যন্ত কোনো উত্তৰ নোপোৱাত অহা কাইলৈ পৰা অসমৰ প্ৰতিখন জিলা আটাছুয়ে দাবী পূৰণ কৰাৰ বাবে চৰম পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । 
  • ৪) চৰকাৰী চাকৰি প্ৰদান কৰাৰ নামত বিভিন্ন জনৰ পৰা টকা সংগ্ৰহ কৰাৰ দৰে আটাছুৰ সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱা আটাছুৰ উপ-সভাপতি  মনোজ গগৈৰ ওপৰত তদন্ত কৰিবলৈ আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে গঠন কৰি দিয়া পাঁচজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদন আৰু অন্যান্য এনে কেইবাটাও অভিযোগত সত্যতাৰ প্ৰমাণ লাভ কৰাত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ চাও মনোজ গগৈক পবিত্ৰ সংগঠন আটাছুৰ পৰা বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments